Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাত মেগছেছে বঁটা বিজয়ী সোনম ৱাংচুকৰ শিক্ষাগুৰু সকলৰ সৈতে মত-বিনিময়

দীপাংকৰ বৰুৱা,মুছলপুৰ,৩০ জানুৱাৰী: বিটিআৰত শৈক্ষিক ব্যৱস্থা উন্নত কৰাৰ বাবে  বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত শুক্ৰবাৰে নিশা বাক্সা জিলাৰ বৰমাৰ...


দীপাংকৰ বৰুৱা,মুছলপুৰ,৩০ জানুৱাৰী: বিটিআৰত শৈক্ষিক ব্যৱস্থা উন্নত কৰাৰ বাবে বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত শুক্ৰবাৰে নিশা বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী খাৰুৱাজানৰ নেহৰু মিলন হাইস্কুল খেলপথাৰত বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষাগুৰু সকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ মূলত: বিটিআৰৰ চাৰিখন জিলাৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত দেশৰ অন্যতম শৈক্ষিক সংস্কাৰক তথা মেগছেছে বঁটা বিজয়ী সোনম ৱাংচুকে ভাগ লয় ৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোত লাডাখৰ "ষ্টুডেন্টচ্ এডুকেশ্বনেল এণ্ড কালচাৰেল মুভমেন্টৰ" প্ৰতিষ্ঠাতা সোনম ৱাংচুকে ব্যৱহাৰিক শিক্ষাৰ মানদণ্ডৰ ওপৰত বক্তব্য ৰাখি বিটিআৰৰ চৰকাৰী শিক্ষা ব্যৱস্থাক কিদৰে পৰিৱৰ্তন কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে ৷ প্ৰায় তিনি সহস্ৰাধিক শিক্ষকৰ সম্মুখত সোনম ৱাংচুকে তেওঁৰ মননশীল ভাষণত ভাৰতবৰ্ষত বৰ্তমান চলি থকা ধনী আৰু দুখীয়াৰ শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তন কৰিব লাগিব বুলি কয়। মানৱ জীৱনৰ ব্যৱহাৰিক দিশটোক যাতে শিক্ষাই আগবঢ়াই নিব পাৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে । তেওঁ ইংৰাজৰ গোলামীৰে চলি থকা শিক্ষা নি:শেষ কৰি মাতৃভাষাৰ ওপৰত গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনায় । নতুন শিক্ষা নীতি ভাল বুলি দোহাৰি তাক প্ৰকৃতাৰ্থত আগুৱাই নিব লাগিব বুলি কৈ শিক্ষাৰ বিপ্লৱ সৃষ্টিত গুৰুত্ব দিয়ে ৷ লগতে ৱাংচুকে নিজৰ জন্মস্থান লাডাখৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি কাৰিকৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ভাষণত বিটিআৰৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ বাবে বিটিচিৰ শিক্ষা বিভাগে এনে ধৰনৰ মননশীল কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে ৷ তেওঁৰ নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে শিক্ষা বিভাগটোক আগস্থান দি গুণগত তথা কাৰিকৰী শিক্ষাৰে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই নিয়াৰ চেষ্টা কৰিব বুলি মত প্ৰকাশ কৰে ৷ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ নিজস্ব প্ৰতিভা অনুসৰি শিক্ষা প্ৰদানৰ বাবে বিটিচি পৰিষদে এক বিশেষ আঁচনিও ৰূপায়ণ কৰিব বুলিও বড়োৱে জানিব দিয়ে ৷ আনহাতে নৱগঠিত বিটিচি পৰিষদে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত প্ৰায় ২২ হাজাৰ চাইকেল আৰু প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক স্কুল বেগ প্ৰদানৰ এক আঁচনি লোৱা বুলিও  বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সদৰী কৰে ৷ বিটিচিৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে আঁতধৰা অনুষ্ঠানটোতত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ক্ৰমে ঘনশ্যাম দাস আৰু দিগন্ত বৰুৱাইও অংশগ্রহণ কৰে ৷

No comments