Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলাৰ লগতে ১৬ খন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন

পৰাণজ্যোতি বৰা, বৰদুৱাৰ, ৫ জানুৱাৰী:  আজি যুগটো প্ৰতিযোগিতাৰ গতিকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হলে প্ৰতিযোগিতাৰ মাধ্যমেদি কাম কৰিব লাগিব। নৈতিকতা...


পৰাণজ্যোতি বৰা,বৰদুৱাৰ,৫ জানুৱাৰী: আজি যুগটো প্ৰতিযোগিতাৰ গতিকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হলে প্ৰতিযোগিতাৰ মাধ্যমেদি কাম কৰিব লাগিব। নৈতিকতাৰ দায়িত্ব পিতৃ মাতৃৰ পৰাই লব লাগিব।কঠোৰ পৰিশ্ৰমে সফলতা আনে।মানুহ পৰিশ্ৰমি হলেহে পৰিৱৰ্তন কৰিব পাৰিব।পৰিশ্ৰমি মানুহে বেয়া কাম কৰিব নোৱাৰে।ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত পিতৃ মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব অপৰিসীম।নৈতিক জ্ঞান,আধ্যাত্মিক জ্ঞান এইসমূহক এই দুই মহা শক্তিয়েই দিব লাগিব-আজি নামনি মাজুলীৰ বৰদুৱাৰত মাজুলী প্ৰশাসনৰ উদ্যোগত 'প্ৰজ্ঞান ভাৰতী' আঁচনিৰ অধীনত 'ড° বাণীকান্ত কাকতি মেধা বঁটা' প্ৰদান আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলাৰ লগতে ১৬ খন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এনেদৰে কয়।মুখ্যমন্ত্ৰীয়ে আৰু কয় যে একবিংশ শতিকাৰ প্ৰতিযোগিতামূলক পৃথিৱীত আমি শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ বাবে আমি সাধনা কৰিবই লাগিব।মাজুলীৰ সমাজ খন সাধাৰণ সমাজ নহয়। এই খন আধ্যাত্মিক সমাজত জন্মলাভ কৰাটো সৌভাগ্যৰ কথা।বিশ্বৰ ৭৭০ কোটি জনতাই আমাক সদায় চাই আছে গতিকে  আমি সেইখন সমাজক দেখুৱাই দিব লাগিব আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ জড়িয়তে।মাজুলীৰ সমাজ খনৰ প্ৰতি দায়বদ্ধ হৈ ছাত্র ছাত্ৰী সকলে অধ্যয়নত মনোনিবেশ কৰিলে মাজুলী জিলিকি উঠিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।তেওঁ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি আৰু কয় যে মাতৃ পিতৃৰ প্ৰতি ভক্তি বুকুত বান্ধি অধ্যয়নত মনোনিবেশ কৰিলে সফলতা আহিবই। চৰকাৰে কেৱল ছাত্ৰীকেই নহয় শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা ছাত্ৰকো আগন্তুক দিনত বটা প্ৰদান কৰিব।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই সময়ত আমি সদায় আগত যাবলৈ চেষ্টা কৰিব পাৰিলেহে এইখন পৃথিৱীত আমি মূৰ তুলি জীয়াই থাকিব পাৰিম।আত্ম নিৰ্ভৰশীল ভাৰতৰ শ্লগান সাৰ্থক কৰিবলৈ হলে কঠোৰ পৰিশ্ৰমৰ যোগেদিহে এই লক্ষ্যত উপনীত হব পাৰি।মুখ্যমন্ত্ৰীয়ে আৰু কয় যে  ছাত্র ছাত্ৰী সকলে দৈনিক ১০-১২ ঘন্টা অধ্যয়নৰ প্ৰয়োজন বুলি উল্লেখ কৰে।ইফালে একাংশ দল সংগঠনে ৰাজ্য চৰকাৰক সমালোচনা কৰি অহাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে এই পৃথিৱীত ভাষণ দি পৰিৱৰ্তন আনিব নোৱাৰি, কঠোৰ পৰিশ্ৰম কৰিলেহে পৰিৱৰ্তন আনিব পাৰি।সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী হয় সেয়ে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰে সকলোকে লৈ সম উন্নয়নত বিশ্বাসী।খিলঞ্জীয়া সকলক আমি মান সন্মান স্বাভিমান ৰক্ষাৰ বাবে মাটিৰ পট্ৰা প্ৰদান কৰিছো।এই জানুৱাৰী মাহতে আৰু এক লাখ খিলঞ্জীয়াৰ হাতত মাটিৰ পট্ৰা তুলি দিয়া হব।ইফালে মাজুলী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে  মাজুলীক এতিয়া আমি নতুনকৈ আৱিষ্কাৰ কৰিছোঁ।আগন্তুক দিনত মাজুলীক লৈ আৰু বহু আচনি ৰূপায়ণ কৰিম। মাজুলীক লৈ আমি আৰু কৰিবলগীয়া আছে‌ আৰু কৰি যাম বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে মাজুলীৰ উন্নয়ন মূলক কাম কাজত ৰাইজক চকু ৰাখিবলৈ আহ্বান জনায়।  মাজুলীৰ চাৰি গৰাকী এ পি এছ ছি উত্তীৰ্ণকো মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। জিলিকাব লুইতৰে পৰা শীৰ্ষক এটা সমবেত সংগীতেৰ আৰম্ভ হোৱা সভা খনত আদৰণি ভাষণ দিয়ে অতিৰিক্ত উপায়ুক্ত নৰেন দাসে।

প্ৰেৰণা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মাজুলীত যোৱা পাঁচটা বছৰত হোৱা উন্নয়নমূলক কাম সমূহৰ বিষয়ে উল্লেখ কৰি মাজুলীৰ সৰ্বাংগিন উন্নয়নত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে।আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ১২১ গৰাকী উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধি বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰি আজি ১০গৰাকীক মুখ্যমন্ত্ৰীয়ে নিজ হাতে স্কুটী প্ৰদান কৰে।একেটা অনুষ্ঠানতে  মুখ্যমন্ত্ৰীয়ে মাজুলীৰ চতুৰ্থ বিত্তীয় আয়োগৰ পুজিৰ লগতে ১৬ খন উন্নয়ন মূলক আচনিৰ আধাৰশিলা স্থাপন কৰে।ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানতে বৰদোৱাত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে।অনুষ্ঠানত মাজুলীবাসী আৰু বৰদোৱা বাসী ৰাইজে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনায়।অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত,দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী মাধৱ দেউৰী,সমাজকৰ্মী ৰঞ্জিত দলে,জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুম,মনোজ বৰা,দীপক গোস্বামী,আৰ্টফেডৰ উপাধ্যক্ষা ৰূপা কামান,মাজুলী জিলা পৰিষদৰ সভানেত্ৰী পাপু দত্ত হাজৰিকা,মাজুলী উপায়ুক্ত বিক্ৰম কৈৰী , আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত মাজুলীৰ কণমানি শিল্পী তুলিকা শইকীয়াই 'সাৰ পাম মই পুৱতি নিশাতে গীত নিয়ৰ যেতিয়া সৰে...শীৰ্ষক গীত পৰিৱেশন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে কণমানি শিল্পী তুলিকা শইকীয়াক ৫০ হাজাৰ টকাৰ চেক আৰু সম্বৰ্ধনা পত্ৰেৰে সম্বৰ্ধনা জনায়।অনুষ্ঠানত যোৰহাটৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীয়ে সলাগৰ শৰাই আগবঢ়ায়। 
ব্ৰহ্মপুত্ৰ আমন্ত্রণ অভিযানৰ কেন্দ্ৰীয় অনুষ্ঠান মুখ্যমন্ত্ৰী সোনোৱাল: ব্ৰহ্মপুত্ৰ বৰ্ডৰ উদ্যোগত আজি দৰিয়া পাৰত অনুষ্ঠিত হয় ব্ৰহ্মপুত্ৰ আমন্ত্রণ অভিযানৰ কেন্দ্ৰীয় অনুষ্ঠান।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত ২৩ নৱেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ আকৃতি সুৰক্ষা, মাটি-পানী আৰু মাছৰ গুণাগুণ পৰীক্ষা কৰি মাজুলী আহি পোৱা ৰাফটিং দলটোৱে ব্ৰহ্মপুত্ৰ নদীৰ পৰা মানব সভ্যতাই পাব পৰা লাভালাভ ,বিপুল সম্ভাৱনাৰ সন্দৰ্ভত তথ্য সহ দাঙি ধৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি  ভাষণ প্ৰসংগত কয় যে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাক কামত লগালে কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলেই লাভৱান হব।কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা এই অভিযানে ব্ৰহ্মপুত্ৰৰ বুকুত থকা শক্তি বোৰক লৈ  আমি বহু পৰিমাণে জীৱন পদ্ধতি সুন্দৰভাৱে আগুৱাই নিব পাৰোঁ।লুইত জঞ্জাল কেতিয়াও নহয় ইয়াৰ যোগেদি আমি কেনেকৈ অৰ্থনৈতিক সম্ভাৱনীয়তা পাব পাৰোঁ তাৰ বাবে গ্ৰহণ কৰা এই অভিযানক মুখ্যমন্ত্ৰীয়ে সলাগ লয়।অনুষ্ঠানত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ,মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, সাংসদ প্ৰদান বৰুৱাকে আদি কৰি ব্ৰহ্মপুত্ৰ,বি চি পি এলৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

No comments