গণ বার্তা, আমগুৰি ১১ জানুৱাৰী : আজি যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ লাহিং মৌজাৰ চেলেংহাটৰ টেঙাবাৰীত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগীয় মন...
গণ বার্তা, আমগুৰি ১১ জানুৱাৰী : আজি যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ লাহিং মৌজাৰ চেলেংহাটৰ টেঙাবাৰীত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত "বৃহত্তৰ লাহিং পানী যোগান আচনি"ৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৩৫ কোটি টকাৰ আচনিখন সম্পূৰ্ণ হলে মৰিয়নী সমষ্টি তথা পূব যোৰহাট উন্নয়ন খণ্ডৰ পাঁচখন গাও পঞ্চায়তৰ অধীনস্থ ছাব্বিছখন গাঁৱৰ ৰাইজে বিশুদ্ধ পানী পাবলৈ সক্ষম হব বুলি জানিব পৰা গৈছে। স্থানীয় যুৱনেতা মন্টু চুতীয়াই আঁত ধৰা সভাখনত বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে প্ৰতিটো পৰিয়ালে বিশুদ্ধ পানী পোৱাটো এই চৰকাৰৰ লক্ষ্য আৰু যিহেতুকে যোৰহাট মেলেৰিয়া প্ৰভাৱিত জিলা সেয়ে ২০২২ চনৰ ভিতৰত জিলাখনৰ প্ৰতিটো ঘৰত বিশুদ্ধ পানীৰ সংযোগ সম্পূৰ্ণ কৰা হব। উদ্ধোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপজ্যোতি কূৰ্মী উপস্থিত থাকি আচনিখন খৰটকীয়াকৈ অনুমোদনৰ ক্ষেত্ৰত মন্ত্ৰীজনে লোৱা পদক্ষেপৰ বাবে কৃতজ্ঞতা জনায়। অনুষ্ঠানটিত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্ত্রা কুলদ্বীপ দাস, উপ সংমণ্ডল বিষয়া তপনলাল বৰুৱা, তিতাবৰৰ দণ্ডাধীশ ৰক্তিম বুঢ়াগোহাঁই, পুৱ যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰুৱা, চেলেং গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন গগৈ, পূব লাহিং গাঁও পঞ্চায়তৰ সভাপতি ঋতু বুঢ়াগোহাঁইৰ লাহিং গাওঁ পঞ্চায়তৰ সভাপতি সন্তুষ ঝৰাৰ ওপৰিও বিভাগীয় বিভিন্নজন বিষয়ববীয়া উপস্থিত থাকে।
No comments