গণবাৰ্তা , লাহৰীঘাট , ১০ জানুৱাৰী : মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ অধ্যক্ষতাত কালি জিলা খনৰ মুঠ ২...
গণবাৰ্তা , লাহৰীঘাট , ১০ জানুৱাৰী : মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ অধ্যক্ষতাত কালি জিলা খনৰ মুঠ ২৫ গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক মূখ্যমন্ত্ৰীৰ প্ৰীতি উপহাৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০২০ বৰ্ষৰ আৰম্ভণিৰ পৰাই বিশ্বব্যাপি দেখা দিয়া কৰোনা ভাইৰাছ সংক্ৰমনৰ বিৰুদ্ধে যুঁজ দিয়া সকলো শ্ৰেণীৰ ব্যক্তি সকলক কৃতজ্ঞতা জ্ঞাপন কৰি আহিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে ২০২১ বৰ্ষৰ শুভ ক্ষনত শুভকামনা জনোৱাৰ লগতে বিগত বৰ্ষত মহামাৰী কভিদ-১৯ ৰ লগত সন্মুখ সমৰত অৱতীৰ্ণ হোৱা প্ৰতি খন জিলালৈ চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিক সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে একোটিকৈ প্ৰীতি উপহাৰৰ টোপোলা প্ৰেৰণ কৰে । মৰিগাঁও জিলাৰ বাবে পঠিওৱা এই টোপোলা সমূহ জিলা উপায়ুক্ত লীনা দাসৰ হাতেৰে উপহাৰ সমূহ সাংবাদিক সকলক প্ৰদান কৰে । উপায়ুক্ত গৰাকীয়ে কাৰ্যসূচীৰ আৰম্ভণিতে উপস্থিত সাংবাদিক সকলক নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক প্ৰশংসা কৰে । কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত ক্ৰমে ৰমী বৰুৱা , অজিত শৰ্মা উপস্থিত থাকে । অনুষ্ঠানটি আতঁ ধৰে মৰিগাও জিলা জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে ।
No comments