Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰতনপুৰ গায়ন গাওঁ পঞ্চায়তত বিজেপি বুথ পৰ্যায়ৰ সভা

  গণ বাৰ্তা, ফুলনি, ১২ জানুৱাৰী :   ১০০ + লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি  দক্ষিণ পূৱ মাজুলী মণ্ডলৰ ১৩ নং ৰতনপুৰ গায়ন পঞ্চায়তৰ  অন্তৰ্গত সমূহ ব...

 


গণ বাৰ্তা, ফুলনি, ১২ জানুৱাৰী :   ১০০ + লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি  দক্ষিণ পূৱ মাজুলী মণ্ডলৰ ১৩ নং ৰতনপুৰ গায়ন পঞ্চায়তৰ  অন্তৰ্গত সমূহ বুথ (মুঠ ৬ টা ) এক গোট হৈ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি অধিক মজবুত কৰা আৰু আগন্তুক ২০২১ চনৰ বিধান সভাত ১০০ শতাংশই বিজয় নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি সন্মানীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আয়োজন কৰিবলৈ দিয়া "বুথ সন্মিলন " নামৰ বুথৰ ৰাজহুৱা সভা খনি অনুষ্ঠিত কৰা হয় । সভা খনৰ সভাপতি আসন অলংকৃত কৰে দক্ষিণ পূব মাজুলী মাণ্ডলৰ সভাপতি সন্মানীয় শ্ৰীযুত বলিন নাথ ডাঙৰীয়াই , কেবাটাও বিন্দু ৰে অনুষ্ঠিত সভাখনিত মাগদার্শন কৰে মাজুলী জিলা ভাজপা সভাপতি সন্মানীয় শ্ৰী যুত লোকনাথ কুটুম ডাঙৰীয়া, জিলা সাধাৰণ সম্পাদক শ্ৰীযুত দেৱব্ৰত দত্ত ডাঙৰীয়া, ৰতনপুৰ গায়ন পঞ্চায়তৰ সন্মানীয়া সভানেত্ৰী শ্ৰীমতী বিপ্পাজ্যোতি কলিতা ডাঙৰীয়ানীৰ পমুখে বহু কেইজন গণ্য ব্যক্তিয়ে । উক্ত সভা খনত উপস্থিত থাকে প্ৰত্যেক বুথৰ সন্মানীয় বুথ সভাপতি সকলৰ লগতে মাজুলী জিলা কৃষাণ মৰ্চা উপসভাপতি সন্মানীয় দুলাল নাথ দক্ষিণ পূব মাজুলী মণ্ডলৰ উপসভাপতি ৰুমী দত্ত গায়ন, কাৰ্য্যকৰী সদস্যা দীপামণি শইকীয়া, মাজুলী জিলা সংবাদ কোষৰ সহ আহ্বায়ক শ্ৰীজিতেন দাস, শক্তি কেন্দ্ৰ আহ্বায়ক বুদ্ধিন কলিতা, এচ. চি. মৰ্চা মাজুলী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্যজিৎ দাসকে প্ৰমুখ্যে কৰি বহু কেইজন জ্যেষ্ঠ কাৰ্য্যকৰ্তা আৰু প্ৰায় দুই শতাধিক দলীয় কাৰ্য্যকৰ্তা উপস্থিত থাকে ।  উক্ত সভাত ভাৰতীয় জনাত পাৰ্টিৰ নীতি আদর্শ পাৰ্টি আকৃষ্ট হৈ বহু কেইজন ব্যক্তিয়ে যোগদান কৰে । সভাখন আঁত ধৰে মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক প্ৰণৱ শইকীয়াই ।

No comments