Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাণিকপুৰত দুই মটৰচাইকেলৰ মুখামুখী সংঘৰ্ষঃ এজন নিহত , এজন আহত

গনবাৰ্তা মাণিকপুৰ, ৫ জানুৱাৰীঃ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ৩১ নং  ৰাষ্ট্ৰীয় ঘাইপথত আজি  দুখন মটৰচাইকেলৰ মুখামুখী সংঘৰ্ষত এজন ঘ...


গনবাৰ্তা মাণিকপুৰ, ৫ জানুৱাৰীঃ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ ৩১ নং  ৰাষ্ট্ৰীয় ঘাইপথত আজি  দুখন মটৰচাইকেলৰ মুখামুখী সংঘৰ্ষত এজন ঘটনাস্হলীতে নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয় |  নিহত ব্যক্তিগৰাকী কৃঞ্চাই মেন্দিপথাৰৰ শ্বাহ আলম (৫৫) আৰু আহত ব্যক্তিগৰাকী চিৰাং জিলাৰ দেওটাৰী গাওঁৰ ৰাজিবুল হক(২৫)জানিব পৰা গৈছে | প্ৰাপ্ত তথ্য মতে নিহত শ্বাহ আলমে চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত বাল্লিমাৰী নিজ জোৱায়েকৰ ঘৰৰ পৰা এএছ-২৬ ৫০০৩ নম্বৰৰ ৰয়েল এণ্ডফিল্ড মটৰচাইকেলেৰে মেন্দিপথাৰলৈ গৈ থকা সময়তে পাতিলাদহা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ লওতে বিপৰীত দিশৰ পৰা অহা এ এছ-১৫ আৰ-০৭১৭ নম্বৰৰ বাজাজ পালছাৰৰ লগত মুখামুখী সংঘৰ্ষত ঘটনাস্হলীতে কৰুন ভাৱে মৃত্যু হয় | আনহাতে পালছাৰৰ আৰোহী ৰাজিবুল হক গুৰুতৰভাৱে আহত হয় | আহতগৰাকীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰে |

No comments