Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ইণ্ডিয়া বুক অব ৰেকৰ্ডৰে ঢেকীয়াজুলিলৈ গৌৰৱ কঢ়িয়ালে চন্দনজ্যোতি শৰ্মাই

  গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:২৭জানুৱাৰীঃ  নিজৰ শিল্প কৰ্মৰদ্বাৰাই ঢেকীয়াজুলিৰ এখন গাওঁৰ এজন ছাত্ৰই“ ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ খিতাপ দখল কৰিলে৷বি...

 


গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:২৭জানুৱাৰীঃ নিজৰ শিল্প কৰ্মৰদ্বাৰাই ঢেকীয়াজুলিৰ এখন গাওঁৰ এজন ছাত্ৰই“ ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ খিতাপ দখল কৰিলে৷বিশ্ববৰন্য শিল্পী ভাৰত ৰত্ন ড’ ভূপেন হাজৰিকাৰ বিশাল আকৃতিৰ ছৱি অংকনৰে ঢেকীয়াজুলিৰ এজন ছাত্ৰই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ঢেকীয়াজুলিৰ নাৰেংকাটি কছাৰি গাওঁৰ চন্দনজ্যোতি শৰ্মা নামৰ এই জন ছাত্ৰই অলপতে ভাৰত ৰত্ন অসমৰ হিয়াৰ আমঠু ড’ভূপেন হাজৰিকাৰ দীঘলে২৫ফুট আৰু বহলে ২২ফুটৰ দৈৰ্ঘ্যৰ এক বিশাল আকৃতিৰ ছৱি অংকন কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডৰ খিতাপ দখল কৰিছে৷ সৰুৰে পৰা ছৱি অংকন কৰি ভাল পোৱা ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত অধ্যয়নৰত চন্দনজ্যোতি শৰ্মাই বিগত বৰ্ষত হাতৰ আঙুলিৰ নখত জুবিন গাৰ্গৰ ক্ষুদ্ৰ আকৃতিৰ ছৱি অংকন কৰি অসম বুক অব ৰেকৰ্ড কৰিবলৈ সক্ষম হোৱাত অলপতে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ বিশাল আকৃতিৰ ছৱি অংকন কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ড কৰি ঢেকীয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিছে৷গান আৰু ছৱি অংকন কৰি ভাল পোৱা এই জন ছাত্ৰ চন্দনজ্যোতিয়ে নিজৰ শিল্প কৰ্মৰে এটাৰ পিছত আনটো সন্মান বুটলিবলৈ সক্ষম হোৱাত স্থানীয় গাওঁবাসীকো উৎফুল্লিত কৰিছে৷

No comments