Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাতীয় চেতনা থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক সত্তা সমূহক কেন্দ্ৰীয় দল সমূহে নিশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে: লুৰিণ জ্যোতি গগৈ

  গণবাৰ্তা বিশেষ,ডিফু, ৮ ডিচেম্বৰঃ "জাতীয় চেতনা থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক সত্তা সমূহক কেন্দ্ৰীয় দল সমূহে নিশেষ কৰাৰ ষড়যন্ত্ৰত নামি প...

 


গণবাৰ্তা বিশেষ,ডিফু, ৮ ডিচেম্বৰঃ "জাতীয় চেতনা থকা ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক সত্তা সমূহক কেন্দ্ৰীয় দল সমূহে নিশেষ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে আজি ডিফুত এএছডিচিৰ দশম সাধাৰণ সভাৰ মুখ্য অতিথি হিছাপে অংশ গ্ৰহশৃণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ অসমৰ মানুহৰ নিজকে প্রতিষ্ঠা কৰাত  অসম জাতীয় পৰিষদ আৰু এএছড়িচি দলে কান্ধত কান্ধ মিলাই আগবাট়ি যাব বুলিও তেওঁ উদাত্ত ভাষণত উল্লেখ কৰে ৷ অসমৰ পাহাৰীয়া জিলাকেইখনৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ দশম বার্ষিক অধিৱেশনৰ মুকলি সভাত আজি মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিএই মন্তব্য কৰে অজাপৰ সভাপতি গৰাকীয়ে। অসমৰ সমাজ জীবনত জাতীয়তাবাদ আজিৰ তাৰিখত সংকটৰ গৰাহত বুলি মন্তব্য কৰি নেতাগৰাকীয়ে লগতে কয় যে অসমৰ প্রতিটো জাতি জনগােষ্ঠীৰ ৰাজনৈতিক অধিকাৰ নােহােৱা কৰাৰ বাবে ৰাষ্ট্রীয় ৰাজনৈতিক দলসমূহে পর্যায়ক্রমে আগ্রাসী ভূমিকা গ্রহণ কৰি আহিছে। শাসকীয় বিজেপি দলে সম্প্রতি এক ফ্রেঙ্কনষ্টাইনৰ ৰূপ ধৰি নিজৰ কেন্দ্রীভূত চিন্তাধাৰাক জাপি দিব বিচৰা বুলি ক্ষোভ প্রকাশ কৰি জাতি জনগােষ্ঠীসমূহৰ নিজস্ব ভাষা, সংস্কৃতি, অধিকাৰক বাধা প্রদান কৰি আহিছে। কা জাপি দিয়াৰ নাম ষষ্ঠ অনুসূচীভূক্ত এলেকাত চৰকাৰে যড়যন্ত্রত লিপ্ত হােৱা বুলি মন্তব্য কৰি অসমত বিদেশীক নাগৰিকত্ব প্রদান কৰাৰ পিছত এইসকল লােকক যষ্ঠ অনুসূচীভুক্ত এলেকাত বাধা প্রদানৰ ক্ষেত্রত চৰকাৰে  কি ব্যবস্থা গ্রহণ কৰিছে বুলি প্রশ্ন উ্থাপন কৰে। সেয়েহে চৰকাৰৰ এনে ষড়যন্ত্রক সামৃহিকভাবে বাধা প্রদান কৰাৰ বাবে সভাপতিগৰাকীয়ে সকলােকে আহ্বান জনায়। চৰকাৰৰৰ এনে যড়যন্ত্রৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ ৰাইজ মাৰবান্ধি ঠিয় দি ২১ৰ নির্বাচনত ইয়াৰ প্রত্যুত্তৰ দিয়াৰ আহ্বান জনায়। কার্বি আংলং স্বায়ত্বশাসিত পৰিষদত পূৰ্বৰ কংগ্রেছীসকলেই এতিয়া বিজেপি হৈ শাসন চলােৱা বুলি মন্তব্য কৰি এইসকল শাসকে কাৰ্বি আংলঙৰ জনতাৰ জাতীয় চিন্তাৰ বিপৰীতে দিল্লীৰ নির্দেশ অনুসৰিহে কাম-কাজ কৰা বুলি মন্তব্য কৰে এনে চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিব নােৱাৰে বুলি দাবী কৰি এইসকল শাসকে দিলী দিছপুৰক সন্তুষ্ট কৰি নিজৰ গাদী ৰক্ষাৰ বাবেহে দিনে নিশাই ব্যস্ত থকা বুলি মত প্রকাশ কৰে। বিজেপি দলৰ এনে আগ্রাসী নীতিৰ বিৰুদ্ধে অসমৰ সকলাে আঞ্চলিক শক্তি একত্রিত হােৱাৰ বিকল্প নাই বুলি মন্তব্য কৰি অজাপৰ সভাপতিগৰাকীয়ে খিলঞ্জীয়াৰ আঞ্চলিকতাবাদী ধাৰাক শক্তিশালী কৰি তােলাৰ স্বার্থতে এএছডিচি দলৰ হাত শক্তিশালী কৰি তােলাৰ বাবে কার্বি আংলংবাসী ৰাইজক আহ্বান জনায়। আনহাতে, অসমৰ ৰাইজে পূর্বে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ নেতৃত্ব প্রদান কৰা শক্তিসমূহেও আজি আঠু লােৱা বুলি কটাক্ষ কৰে। সভাত উপস্থিত ৰাইজেও প্রবল হাত চাপৰিৰে অজাপৰ সভাপতিগৰাকীৰ ভাষণৰ প্রতি সমর্থন জনায়। প্রাক্তন বিধায়ক হেমছিং তিচ', কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্রাক্তন কার্যবাহী সদস্য চোনাছিং তেৰাঙ  আৰু কাৰ্বি ছাত্র সন্থাৰ প্রক্তন সভাপতি চাৰছিং ইংলেঙ  উপস্থিত থাকে। উল্লেখযােগা যে, ডিফুৰ জয়ছিংদলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত তিনিওৰে  যুটায়া সভাপতিত্বত অনুষ্ঠিত  সভাখনত আঞ্চলিক দলটোৰ ভালেসংখ্যক কর্মী সমর্থক উপস্থিত থাকে। উল্লেখযােগ্য যে, ডিফুৰ জয়ছিং দলৈ প্রেক্ষাগৃহত কালিৰে পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হােৱা দলটোৰ দশম সাধাৰণ অধিৱেশনৰ প্রথম দিনাৰ কার্যসূচী অনুসৰি কালি পুৱা দলৰ সভাপতি চন্দ্রকান্ত তেৰাঙে পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে শ্বহীদ তৰ্পণ অনুষ্ঠানৰ আঁত ধৰে এএছডিচি কেন্দ্রীয় সমিতিৰ  উপ-সভাপতি চমাং ক্র'ৱে ৷ নিশাৰ ভাগত দলটোৰ প্রতিনিধি সভা অনুষ্ঠিত কৰা হয়।


No comments