গণবাৰ্তা, বেচামাৰি, ১১ জানুৱাৰী: বিগত কেইবাদশক ধৰি গৰাখহনীয়াৰে অসমৰ লক্ষ লক্ষ জনসাধাৰনক সৰ্বস্বান্ত কৰা ব্ৰক্ষ্মপুত্ৰ নদীৰ প্ৰতিৰোধ কৰাৰ উপ...
গণবাৰ্তা, বেচামাৰি, ১১ জানুৱাৰী: বিগত কেইবাদশক ধৰি গৰাখহনীয়াৰে অসমৰ লক্ষ লক্ষ জনসাধাৰনক সৰ্বস্বান্ত কৰা ব্ৰক্ষ্মপুত্ৰ নদীৰ প্ৰতিৰোধ কৰাৰ উপায় উদ্ভাৱন কৰিবলৈ আজি নগাও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনস্থ মোৱামাৰীত সুদুৰ দিল্লীৰ পৰা উপস্থিতত হলহি এটা গৱেষনাকাৰী দল।সুহাশ্বিনি শ্বেখাৱাটৰ নেতৃত্বত " ব্ৰক্ষ্মপুত্ৰ আমন্ত্ৰণ অভিযান"নামৰ গৱেষনাকাৰী দলটোক আজি ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকাই কলেজখনৰ এনচিচি সদস্যসকলক লগত লৈ আদৰনি জনায়।গৱেষনাকাৰী দলটোৰ লগত সহযোগী হিচাপে এনডিআৰএফ আৰু আভ্যন্তৰীন জল পৰিবহন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো ক্ষেত্ৰভিত্তিক অধয়নৰ বাবে নৈ কাষৰীয়া অঞ্চলটোত উপস্থিত হিৱা বুলি জনা গৈছে।
ব্ৰক্ষ্মপুত্ৰ নদীৰ কাষৰীয়া অঞ্চলসমুহত বিগত কেইবা দশকধৰি অব্যাহত থকা গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উপায় উদ্ভাৱনৰ লগতে কেনেকৈ ব্ৰক্ষ্মপুত্ৰৰ জলপৃষ্টক "ৱাটাৰ স্পৰ্টচ হাব","ইক' টুৰিজিম" লৈ ৰূপান্তৰ কৰিব পৰা যায় তাৰ বাবেও ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ চমুকৈ এনডিআৰএফ ৰ সহযোগত নদীখনৰ গভীৰতা,বেগ আদিও পৰ্যবেক্ষণ কৰিব বুলি নেতৃত্ব দিয়া সুহাশ্বিনি শ্বেখাৱাটে এই প্ৰতিবেদকক জানিবলৈ দিয়ে।ইয়াৰোপৰি সম্প্ৰতি নদীখনৰ কাষৰীয়া বালিৰ চাপৰিত বাহৰ পাতি থকা গৱেষনাকাৰী দলটোৱে স্থানীয় লোক আৰু দল সংগঠনৰ বিষয়ববীয়াৰ লগতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে।গৱেষনাকাৰী দলটোৱে সমগ্ৰ বিষয়খিনি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পিছত বিতংকৈ কেন্দ্ৰীয় জল সম্পদ বিভাগ আৰু ব্ৰক্ষ্মপুত্ৰ বৰ্ডক প্ৰতিবেদন দাখিল কৰিব বুলি জনা গৈছে।
আনহাতে ইংৰাজী নৱ বৰ্ষৰ সময়ছোৱাত বালিৰ চাপৰিত উপস্থিত হোৱা গৱেষনাকাৰী দলটোৱে "ব্ৰক্ষ্মপুত্ৰ আমন্ত্ৰণ অভিযান"ৰ প্ৰতি স্থানীয় জনসাধাৰনক আকৰ্ষন কৰিবলৈ গৱেষনাস্থলীত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছে। মৈৰাবাৰীৰ কাষৰীয়া মোৱামাৰীত উপস্থিত হোৱাৰ পূৰ্বে প্ৰায় শতাধিক লোক থকা দলটোৱে বৃহত্তম নদীদ্বীপ মাজুলীত ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি অহা বুলি দলটোৱে জানিবলৈ দিয়ে।
No comments