Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিজম পৰিল নিৰ্জাৰ আক্লাম সমন্বয় ক্ষেত্ৰ লামেট আমেই (কাৰ্বি সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন) সফল সামৰণি

গণ বাৰ্তা বৰপথাৰ ২৪ জানুৱাৰী:- গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ চিলনীজানৰ সমীপৰ বৰনেৰীয়াৰ নিৰ্জা আক্লাম সমন্বয় ...


গণ বাৰ্তা বৰপথাৰ ২৪ জানুৱাৰী:- গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ চিলনীজানৰ সমীপৰ বৰনেৰীয়াৰ নিৰ্জা আক্লাম সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ২৯ সংখ্যক কাৰ্বি সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন খনিৰ শনিবাৰে সফল সামৰণি পৰে । ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰী লৈকে চাৰি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্বি ভাষা সাহিত্যক উত্তৰণৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে গঠন হোৱা কাৰ্বি লামেট আমেই অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ অধিৱেশন খনিৰ সামৰণি পৰে । লামেট আমেইৰ বিভিন্ন বাৰেৰহণীয়া  কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনসাধাৰণৰ ব্যাপক সহাঁৰি উপস্থিতি পৰিলক্ষিত হয় ৷ নিৰ্জা আক্লামত কে’বাখনো আকৰ্ষণীয় আদৰণি তোৰণৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ আৰু খাদ্য সামগ্ৰীৰ বিপনীয়ে জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত কৰিছে কাৰ্বি সাহিত্য সভাথলী ৷ ইপিনে অধিৱেশনস্থলীত কাৰ্বি সাহিত্য গ্ৰন্থৰ বিপনীতো বহু লোকৰ সমাগম দেখা গ’ল ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কাৰ্বি সকলৰ প্ৰায় ২০০ ৰো অধিক শাখাই অংশগ্ৰহণ কৰা  অনুষ্ঠানটিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অগণলোকৰ উপস্থিত লোকেলোকাৰণ‌্য হৈ পৰে । আনহাতে কাৰ্বি লামেট আমেইৰ প্ৰথম মুকলি সভাত উপস্থিত থাকি অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, বিশিষ্ট সাহিত্যিক লুঞ্চে তিমুঙ প্ৰমুখ্যে আন কে’বাজনো বিশিষ্ট লোকে কাৰ্বি সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷ অধিৱেশন খনিৰ ন-পুৰণি লেখকৰ ২২খন কাৰ্বি সাহিত্যৰ গ্ৰন্থ উন্মোচন কৰা হয় বুলি লামেট আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপিয়ে জানিবলৈ দিয়ে ৷


No comments