Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ধঁপাত নিয়ন্ত্ৰণ কোষৰ সজাগতা সভা, প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৯ জানুৱাৰী:  আজুৰ যোৰহাট জিলা সমিতিৰ সহযোগত আৰু  ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত   অসম চিকিৎসা সেৱা সন্থাৰ যোৰহাট জিলাৰ...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,৯ জানুৱাৰী:  আজুৰ যোৰহাট জিলা সমিতিৰ সহযোগত আৰু  ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত   অসম চিকিৎসা সেৱা সন্থাৰ যোৰহাট জিলাৰ প্ৰেক্ষাগৃত শনিবাৰে ধঁপাত নিয়ন্ত্ৰণ সম্পৰ্কীয় এখনি সজাগতা সভা প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত হয় । আজুৰ যোৰহাট জিলঅ সমিতিৰ সভাপতি যোগেশ ওজাই শুভাৰম্ভ কৰা কৰ্মশালা, প্ৰশিক্ষণত যোৰহাট জিলা ধঁপাত  নিয়ন্তৰণ কোষৰ নডেল বিষয়া ড° ভক্তিময় ভট্টাচাৰ্যই ধঁপাত সেৱনৰ ফলত মানৱ শৰীৰত সৃস্থি হোৱা ৰোগ প্ৰতিকাৰৰ উপায় আৰু চৰকাৰে গ্ৰহন কৰা আইনৰ সম্পৰ্কত ব্যাখ্যা কৰি এই ক্ষেত্ৰত সংবাদ কৰ্মী আৰু বেচৰকাৰী সংগঠনৰ সৈতে জড়িত সকলৰ সহযোগিতা কামনা কৰে। সংকল্প শিক্ষাৰ কাৰ্যকৰী সভাপতি ৰমেন শইকীয়া, সম্পাদক জগ্গনাথ অগ্নি বৰা , ধঁপাত নিয়ন্ত্ৰণ কোষৰ যোৰহাট  জিলাৰ মনোবিজ্ঞানী দিপ্তী শইকীয়া, সমাজ কৰ্মী দীপক হাজৰিকা, তথ্য সংৰক্ষক প্ৰখীল কুমাৰ বৰা, আজুৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা নিৰঞ্জন মহন্ত, দিগন্ত বুঢ়াগোহাই, সম্পাদক দুলাল হাজৰিকা, ইউনিয়নৰ ৰুধিৰ প্ৰকাশ শৰ্মা, টি.বি. ৰোগ প্ৰতিৰোধৰ যোৰহাটৰ ব্ৰেণ্ড এম্বেচাদৰ মিনতি নায়ক পুৰাণ, ৰুদ্ৰাক্ষী । শ্ৰী ময়ী, নেহৰু যুৱকেন্দ্ৰৰ প্ৰতিনিধিয়ে ব্যক্তব্য আগৱঢ়োৱা প্ৰশিক্ষণ কৰ্মশালাত যোৰহাটৰ বে- চৰকাৰী সংগঠনৰ প্ৰতিনিধি সকলৰ লগতে আজু যোৰহাট  জিলা সমিতিৰ জড়িত সকলে অংশ গ্ৰহন কৰে । প্ৰশিক্ষণৰ অন্তত অংশগ্ৰহন কাৰী সকলক একোখনিকৈ মান পত্ৰ প্ৰদান কৰা হয়।


No comments