Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সাত অসম দৰ্শন আঁচনিৰ অধীনত ৪৩১ টা নামঘৰ, বাথৌ মন্দিৰলৈ আৰ্থিক অনুদান বিতৰণ

দীপাংকৰ বৰুৱা,মুছলপুৰ,৩০ জানুৱাৰী: ৰাজ্য  চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ মুঠ ৪৩১ টা নামঘৰ আৰু বাথৌ চানথালী(মন্দিৰ)লৈ আজি আনুষ্ঠা...



দীপাংকৰ বৰুৱা,মুছলপুৰ,৩০ জানুৱাৰী: ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ মুঠ ৪৩১ টা নামঘৰ আৰু বাথৌ চানথালী(মন্দিৰ)লৈ আজি আনুষ্ঠানিকভাৱে  আৰ্থিক অনুদান বিতৰণ কৰা হয় ৷ এই উপলক্ষে বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত এক অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান পত্ৰসমূহ বিতৰণ কৰে ৷ জিলাখনৰ অন্তৰ্গত ৮ টা বিধানসভা সমষ্টিৰ বিভিন্ন গাঁওৰ পৰা অহা নামঘৰ আৰু বাথৌ মন্দিৰ পৰিচালনা সমিতি সমূহক এই আৰ্থিক অনুদান প্ৰদান কৰা হয় ৷ অনুদান পত্ৰ প্ৰদান কৰি সকলোকে ধৰ্ম ৰক্ষাৰ বাবে আহ্বান জনায় মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ বাক্সা জিলাৰ অন্তৰ্গত বৰমা সমষ্টিৰ ১০৭ টা, চাপাগুৰি সমষ্টিৰ ১১০ টা, তামুলপুৰ সমষ্টিৰ ১১১ টা, ৰঙিয়া সমষ্টিৰ ৩০ টা, সৰভোগ সমষ্টিৰ ৩০ টা, ভৱানীপুৰ সমষ্টিৰ ৩০ টা, পাটাচাৰকুছি সমষ্টিৰ ৩ টা আৰু বৰপেটা সমষ্টিৰ ১০ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ এই অনুদান প্ৰদান কৰা হয় ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকে আঁত ধৰা আজিৰ এই অনুষ্ঠানত তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, গৌতম দাস, ৰনেন নাৰ্জাৰী, জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, এমচিএলএ ৰাকেশ ব্ৰহ্মকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে, আৰ্থিক অনুদান বিতৰণ অনুষ্ঠানৰ অন্তত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শেহতীয়াভাৱে বিটিচিত অজনজাতীয় লোকক উচ্ছেদ কৰা বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ বিটিচিত কোনো কাৰণতে উচ্ছেদ অভিযান নচলায় বুলি জানিব দি কয় যে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ ৷ বিটিচি প্ৰশাসনে উচ্ছেদ চলোৱাৰ পৰিৱৰ্তে ভূমিহীন লোকক মাটিৰ পট্টা দি থকা বুলিহে জানিব দিয়ে ৷ তেওঁ বৰ্তমানলৈ বিটিচি অঞ্চলত পাঁচ সহস্ৰাধিক লোকক মাটিৰ পট্টা প্ৰদান কৰা বুলিও সাংবাদিকক জানিব দিয়ে ৷ 

No comments