গণ বাৰ্তা,সোণতলী, ১২ জানুৱাৰী: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰ আৰিকাটিত কালি বিজেপিৰ এখনি বুথ পৰ্যয়াৰ সভা অনুষ্ঠিত হৈ যায় ৷...
গণ বাৰ্তা,সোণতলী, ১২ জানুৱাৰী: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰ আৰিকাটিত কালি বিজেপিৰ এখনি বুথ পৰ্যয়াৰ সভা অনুষ্ঠিত হৈ যায় ৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ ছমৰীয়া মণ্ডলৰ অধীনস্থ মাহতলী পঞ্চায়তৰ আৰিকাটিত অনুষ্ঠিত হোৱা বিজেপিৰ বুথ পৰ্যায়ৰ সাধাৰণ সভাত সভাপতিত্ব কৰে সাগৰ আলীয়ে ৷ সভাত বিজেপিৰ অসম প্ৰদেশৰ সম্পাদক সুকুমাৰ বিশ্বাস, বকো সমষ্টিৰ প্ৰভাৰী ৰবিচন্দ্ৰ দে', বকো সমষ্টিৰ পৃষ্ঠপোষক জীতেন্দ্ৰ নাথ ৰয়, ছমৰীয়া মণ্ডলৰ সম্পাদক ধনঞ্জয় সৰকাৰ আৰু ছমৰীয়া মণ্ডলৰ আই টি আৰু মিডিয়া কোষৰ আহ্বায়ক মনিৰুল ইছলাম উপস্থিত থাকে ৷
No comments