গণ বাৰ্তা, ডুমডুমা ১৫ জানুৱাৰী: তিনিচুকীয়াৰ লংকেশ্বৰ গোহাঁই নগৰৰ মূল তোৰণ যোৱা ১২ জানুৱাৰীত উন্মোচন কৰা হয়। লংকেশ্বৰ গোহাঁই নগৰত প্ৰৱেশ পথ...
গণ বাৰ্তা, ডুমডুমা ১৫ জানুৱাৰী: তিনিচুকীয়াৰ লংকেশ্বৰ গোহাঁই নগৰৰ মূল তোৰণ যোৱা ১২ জানুৱাৰীত উন্মোচন কৰা হয়। লংকেশ্বৰ গোহাঁই নগৰত প্ৰৱেশ পথত প্রায় ৩০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা তোৰণ খন লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু চাবুৱা বিধান সভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই উন্মোচন কৰে। এণ্টাইড ফাণ্ডৰ পৰা আটকধুনীয়াকৈ নিৰ্মাণ কৰা তোৰণখন উন্মোচন কৰাৰ বাবে আয়োজন কৰা অনুষ্ঠানত ৰাইজে বিধায়ক আৰু সাংসদ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ আঁত ধৰে লংকেশ্বৰ গোহাঁই নগৰ উন্নয়ন সমিতিৰ সভাপতি বৈকুণ্ঠ গোহাঁইয়ে। অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ সদস্য পিয়ঙ্কা নেওগ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰনৰ প্ৰাক্তন সভাপতি হেমন্ত গোহাঁই, লংকেশ্বৰ গোহাঁই নগৰ উন্নয়ন সমিতিৰ সম্পাদিকা জয়লক্ষ্মী দাধৰা আদি উপস্থিত আছিল। অনুষ্ঠানত বিধায়ক বিনোদ হাজৰিকাই লংকেশ্বৰ গোহাঁই নগৰত ষ্ট্ৰীট লাইটৰ ব্যবস্থা কৰা , উপ পথ সমূহ নিৰ্মান কৰা, নলা নৰ্দমা নিৰ্মাণ কৰা আদি বিষয়ত শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি সদৰী কৰে।
No comments