Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শোণিতপুৰৰ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ধোধন হ’ল বিদ্যালয় “ঐতিহ্যক্ষেত্ৰ”

  গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি, ১জানুৱাৰীঃ   ৰাজ্য খনৰ ভিতৰতে পোন প্ৰথম বাৰ এখন চৰকাৰী বিদ্যালয়ে বছৰৰ আৰম্ভনিতে  এক ইতিবাচক কাৰ্য ৰূপায়ন কৰি দৃ...

 


গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি, ১জানুৱাৰীঃ ৰাজ্য খনৰ ভিতৰতে পোন প্ৰথম বাৰ এখন চৰকাৰী বিদ্যালয়ে বছৰৰ আৰম্ভনিতে  এক ইতিবাচক কাৰ্য ৰূপায়ন কৰি দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷বিদ্যালয় খনৰ ইতিহাস সংৰক্ষন কৰাৰ উদ্দেশ্য শোণিতপুৰৰ উগ্ৰনী শিক্ষানুষ্ঠান মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনৰ কৰ্তৃপক্ষৰ তত্বৱধানত নিৰ্মান কৰা হ’ল বিদ্যালয় “ঐতিহ্যক্ষেত্ৰ” ৷মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়“ঐতিহ্যক্ষেত্ৰ”নামৰ প্ৰেক্ষাগৃহটি পহিলা জানুৱাৰী দিনটোত শুভ উদ্ধোধন কৰা হয়৷ এই ঐতিহ্যক্ষেত্ৰত বিদ্যালয় খনৰ প্ৰতিষ্ঠা লগ্নৰ পৰাই সকলো তথ্যপাতি,বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰিৰ কৃতিত্বৰ উপৰিও বৰ্তমান পৰ্যন্ত সকলো তথ্য ,বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী ইয়াত সংৰক্ষন কৰা হৈছে৷ এই ঐতিহ্য ক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ দ্বাৰাই বিদ্যালয় খনৰ প্ৰতিষ্ঠা লগ্নৰ পৰাই তথ্যই উপলব্ধ হব৷ইয়াৰ জৰিয়তে বৰ্তমানৰ ছাত্ৰ- ছাত্ৰী সকলে উপকৃত হব৷ বিদ্যায়ৰ ঐতিহ্য সংৰক্ষৰ বাবে নিৰ্মান কৰা এই প্ৰেক্ষাগৃহটি শুভ উদ্ধোধন কৰে শোণিতপুৰৰ জিলা উন্নয়ণ আয়ুক্ত ফাৰুক আলম, বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাসে৷উক্ত অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সম্পাদক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত বড়ো,মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কনক চন্দ্ৰ বৰদলৈ,অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজত চন্দ্ৰ কলিতা,সমাজকৰ্মী ৰথিন্দ্ৰ দে আদিকে ধৰি বিশিষ্ট ব্যক্তি সকল৷উল্লেখ্য যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত বড়ো আৰু বিদ্যালয় খনৰ অধ্যক্ষ কনক চন্দ্ৰ বৰদলৈৰ বিশেষ তৎপৰতাত নিৰ্মান হোৱা বিদ্যালয় ঐতিহ্যক্ষেত্ৰ খন পহিলা জানুৱাৰী দিনটোৱে বিদ্যালয় খনৰ কৰ্তৃপক্ষৰ এই পদক্ষেপ যোগাত্মক আৰু ইতিবাচক হিচাপে বিবেচিত হৈছে৷


No comments