গণবাৰ্তা,ভূৰাগাঁও,২৬ জানুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ আবিৰ্ভাৱ হৈছে লাও বাবাৰ। সময়ে সময়ে আমি চুমা বাবা, মালু বাবাৰ দৰে বিভিন্ন বাবাৰ ...
গণবাৰ্তা,ভূৰাগাঁও,২৬ জানুৱাৰীঃ মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ আবিৰ্ভাৱ হৈছে লাও বাবাৰ। সময়ে সময়ে আমি চুমা বাবা, মালু বাবাৰ দৰে বিভিন্ন বাবাৰ আবিৰ্ভাৱৰ খবৰ শুনি আহিছোঁ।কিন্তু লাহৰিঘাটৰ টেঙাগুৰীত আবিৰ্ভাৱ হৈছে লাও বাবাৰ। বাবাৰ আৰ্শীবাদ লবলৈ বহু পুৰুষ-মহিলাৰ হেতা-ওপৰা।পানী লাওৰ জৰিয়তে বাবাই বহু বেমাৰৰ চিকিৎসা কৰে। লাও বাবাৰ প্ৰকৃত নাম হাবিবুৰ ৰহমান (পাগল)। টেঙাগুৰি বজাৰৰ বাছ আস্থানৰ আহত গছৰ তলত বহি যোৱা চাৰি-পাঁচ দিন ধৰি চিকিৎসা কৰা দেখিবলৈ পোৱা গৈছে।ইতিমধ্য বহু কেইগৰাকী ৰোগীয়ে লাও বাবা অৰ্থাৎ হবিবুৰ ৰহমান ওচৰত আহি লগে লগে সুস্থ হোৱাৰ দাবী কৰিছে।লাও বাবাই ৰোগীসকলক জৰা-ফুকা কৰাৰ লগতে পানী লাওৰ জৰিয়তে চিকিৎসা কৰে।কাৰোবাক নহৰু অথবা জবা ফুলৰ লগতে চেনি খাব দিয়ে।বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ জয়-গানৰ যুগতো বহু লোক এই লাও বাবাৰ ওচৰলৈ আহি ভাল হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।একাংশই লাও বাবাৰ গাত ঐশ্বৰিক শক্তি আছে বুলি দাবী কৰিছে। যোৱা চাৰি-পাঁচ দিন ধৰি আবিৰ্ভাৱ হোৱা লাও বাবাৰ খবৰ বিয়পি পৰাত ইতিমধ্যে লাও বাবা অৰ্থাৎ হবিবুৰ ৰহমান (পাগল) ৰ আৰ্শীবাদ লবলৈ অঞ্চলটোৰ বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।উল্লেখ্য যে, লাও বাবাৰ আৰ্শীবাদ ল'বৰ বাবে বাবাই সময়ো নিৰ্দ্ধাৰণ কৰি দিছে।পুৱা ৮বজাৰ পৰা সন্ধিয়া ৭বজালৈ বাবাৰ আৰ্শীবাদ ল'ব পাৰিব। বিজ্ঞান-প্ৰযুক্তিৰ যুগত লাও বাবাৰ এনে আচৰণ সমাজে কেনে ধৰণে গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব ।
No comments