Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গুৱাহাটীৰ যুৱক মনজিৎ সিংহৰ ৰাষ্ট্ৰীয় খ্যাতি অৰ্জন

গণবাৰ্তা, আজাৰা , ৩১ জানুৱাৰী : ইজৰাইলী সমৰ কলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ এজন যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । নত...


গণবাৰ্তা, আজাৰা , ৩১ জানুৱাৰী : ইজৰাইলী সমৰ কলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ এজন যুৱকে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে । নতুন দিল্লী অনুষ্ঠিত ইজৰাইলী সমৰ কলা 'কাৰ্ভ মাগা'ৰ প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰি প্ৰশিক্ষক ৰূপে শ্বীকৃতি লাভ  কৰে মহানগৰীৰ পাণ্ডুৰ মনজিৎ সিংহ নামৰ যুৱকজনে। কাৰ্ভ মাগা ট্ৰেইনিং ইণ্ডিয়া প্ৰতিষ্ঠানে যোৱা  ১৪ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ দিল্লীত অনুষ্ঠিত কৰিছিল এক বিশেষ প্ৰশিক্ষণ শিবিৰ। যত দেশৰ বিভিন্ন ৰাজ্যৰ যুৱকে অংশগ্ৰহণ কৰিছিল । উক্ত শিবিৰত প্ৰশিক্ষক হিচাপে আছিল এন এছ জি ( NSG ) কামাণ্ডো প্ৰশিক্ষক এ আৰ হৰি নাথ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শিবিৰত প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰি মনজিৎ সিংহই 'কাৰ্ভ মাগা' প্ৰশিক্ষকৰ খ্যাতি লাভ কৰিছে। যোৱাকালি দিল্লীত আয়োজিত এক অনুস্থানত  সুখ্যাতিৰে প্ৰশিক্ষণ সম্পন্ন কৰা ব্যক্তিসকলক মান পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে ইজৰাইলী সমৰ কলাৰ এনে উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ একমাত্ৰ যুৱক মনজিৎ সিংহ। ইয়াৰ পূৰ্বে অসমক প্ৰতিনিধিত্ব কৰি এনে প্ৰশিক্ষণ কোনোৱে গ্ৰহণ কৰা নাই।


No comments