Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত মুছলপুৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

  দীপাংকৰ বৰুৱা,মুছলপুৰ,২৫ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰাকক্ষণত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো ...


 দীপাংকৰ বৰুৱা,মুছলপুৰ,২৫ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰাকক্ষণত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা প্ৰশাসনৰ উদ্যোগতো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি এক সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ৷ এই ৰেলীত মুছলপুৰস্থিত কেইবাখনো বিদ্যালয়ৰ প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ চাইকেল ৰেলীৰ ফ্লেগ' অফ কৰি জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই ভোটাৰ দিৱসৰ প্ৰাসংগিকতা উল্লেখ কৰাৰ লগতে নতুন ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰে গণতন্ত্ৰ সৱল কৰি তোলাই এই দিৱসৰ মূল উদ্দেশ্যে বুলি কয় ৷ জিলা প্ৰশাসনৰ তৰফৰ পৰা নতুন ভোটাৰসকলক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সম্বৰ্ধনাও জনোৱা হয় ৷ আনহাতে ভোটাৰ দিৱস উপলক্ষে জিলা প্ৰশাসনে ঠায়ে-ঠায়ে বাটৰ নাট প্ৰদৰ্শন কৰিও ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ চেষ্টা কৰে ৷

No comments