Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নলবাৰীত আন্তঃৰাষ্ট্ৰীয় বিশ্ব ব্ৰেইলী দিৱস পালন

  ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ৪ জানুৱাৰীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত নলবাৰী জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু দৃষ্টিক্ষীণতা আঁচনিৰ নলবাৰ...


 ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী, ৪ জানুৱাৰীঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অধীনত নলবাৰী জিলা অন্ধতা নিয়ন্ত্ৰণ সমিতি আৰু দৃষ্টিক্ষীণতা আঁচনিৰ নলবাৰী সমিতিৰ সৌজন্যত আজি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় বিশ্ব ব্ৰেইলী দিৱস পালন কৰা হয়৷ পোন্ধৰ বছৰ বয়সতে এক দুৰ্ঘটনাজনিত কাৰণত দৃষ্টি শক্তি হেৰুওৱা লুইছ ব্ৰেইলীয়ে দৃষ্টিহীন লোক সকলৰ সহায়ক হোৱাৰ বাবে এক শিক্ষা পদ্ধতি উদ্ভাবন কৰিছিল৷ ব্ৰেইলী শিক্ষা পদ্ধতি এতিয়াও চলি আছে৷ এই গৰাকী মহান ব্যক্তিৰ শিক্ষা পদ্ধতিৰ সজাগতা বৃদ্ধিৰ বাবে নলবাৰীতো ব্ৰেইলী দিৱস পালন কৰা হয়৷অনুষ্ঠানটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে জিলা উপায়ুক্ত পূৰৱী কোৱৰে৷অনুষ্ঠানটোত আদৰণি ভাষণ দি জিলা অন্ধতা সমিতিৰ জিলা আঁচনি বিষয়া তথা জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাঃ অৰুণ বৰ্মনে লুইচ ব্ৰেইলী তথা ব্ৰেইলী শিক্ষা পদ্ধতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা দাঙি ধৰে৷ অনুষ্ঠানটোত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা  অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই ভাষণ দি ব্ৰেইলী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচুেও ভাষণ দিয়ে৷ উক্ত অনুষ্ঠানতে দৃষ্টি ক্ষীণতা ছাত্ৰছাত্ৰীৰ মাজত চছমা বিতৰণ কৰে৷ অনুষ্ঠানত অধীক্ষক ডাঃ ধনঞ্জয় কলিতা, উপ অধীক্ষক ডাঃ ৰমেশ ভট্টাচাৰ্য,ডাঃ কামেশ্বৰ লহকৰ, ডাঃ পদ্মেশ্বৰ কলিতা, ডাঃ ৰূপেশ্বৰ বৈশ্য৷ ডাঃ জয়ন্ত তামুলী, ডাঃ গোকুল পাটোৱাৰী, ডাঃ দিপ্তী চৌধুৰী, ডাঃ বন্দনা ডেকা, ডাঃ প্ৰবোধ শৰ্মা, ডাঃ দিলীপ শইকীয়াৰ উপৰি স্বাস্থ্য কৰ্মী, নাৰ্চ আদি উপস্থিত থাকে

No comments