গণবাৰ্তা, নগৰবেৰা ৩০ জানুৱাৰী : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দক্ষিণ বৰপেটা সমিতিয়ে কালি নগৰবেৰা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক স...
গণবাৰ্তা, নগৰবেৰা ৩০ জানুৱাৰী : সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ দক্ষিণ বৰপেটা সমিতিয়ে কালি নগৰবেৰা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰাৰ একাধিক অভিযোগ উত্থাপন কৰে। সংবাদমেলত জিলা আমছুৰ সভাপতি ৰহুল আমিনে কয় যে উন্নয়নৰ নামত ৰাইজক মূৰ্খ সজাই কেৱল ভোট বেংকৰ ৰাজনীতি কৰা বিধায়ক শ্বেৰমান আলী আহমেদে শেহতীয়াকৈ চক্ৰান্তমূলভাৱে তেওঁৰ একাংশ অনুগত লোকৰ দ্বাৰা আমছুৰ দক্ষিণ বৰপেটা উদ্যোগত যোৱা ১৩ ডিচেম্বৰত অনুষ্ঠিত প্ৰয়াত দিলদাৰ ৰেজ্জাৰ স্মৃতিচাৰণ সভাত এক অপ্ৰীতিকৰ পৰি সৃষ্টি কৰাৰ অভিযোগ কৰি কয় যে ইয়াৰ প্ৰতিবাদত আমি দক্ষিণ বৰপেটা আমছুৰ উদ্যোগত এক বাইক সমদল উলিয়াই বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদৰ ওচৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰো। বিধায়ক শ্বেৰমান আলীয়ে অচিৰেই আমছুৰ লগত কৰা গাদ্দাৰীৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰিলে আমছুৱে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি বিধায়ক গৰাকীক তীব্ৰ ভাষাৰে সকীয়াই দিয়ে। সংবাদমেলত আমছুৰ জিলা সম্পাদক ৰফিকুল ইছলাম কয় বাঘবৰ সমষ্টিৰ চৰাঞ্চলক মাহী আইৰ দৃষ্টিৰে ছোৱা বিধায়ক শ্বেৰমান আলী আহমেদে উন্নয়নৰ নামত কেৱল লাখ লাখ টকা কমিচন খোৱাৰ অভিযোগ কৰাৰ লগতে বিধায়ক গৰাকীক তেওৰ দহ বছৰীয়া কাৰ্যকালত বিধায়ক পুঁজিৰ ধনেৰে সমষ্টিটোৰ বিশেষকৈ চৰাঞ্চলত কি কি উন্নয়ণমূলক কাম কৰিলে তাৰ তথ্য ৰাজহ কৰিবলৈ প্ৰত্যাহ্বান জনায়। তেও আৰু কয় বাঘবৰত পথ দলং নিৰ্মাাণৰ নামত বিধায়ক শ্বেৰমান আলীয়ে ব্যাপক হাৰত কমিছন লোৱা অভিযোগ কৰি কয় উন্নয়নৰ নামত সমষ্টিটোৰ চৰাঞ্চলৰ ৰাইজক কেৱল ঠগ প্ৰৱঞ্চনা কৰিলে। বিধায়ক গৰাকীয়ে চৰাঞ্চলৰ ভাতপাইতিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি দি আধাৰশিলা স্থাপন কৰিলে যদিও তাৰ কামৰ কোনো অগ্ৰগতি নহল, চৰাঞ্চলৰ লুইতপৰীয়া মহাবিদ্যালয়ত বিজ্ঞান শাখা খোলাৰ নামত প্ৰতাৰণা কৰা, বানবিধ্বস্ত লোকৰ বাবে ওখ ভেটি চৰাঞ্চলৰ সলনি উত্তৰপাৰত স্থাপন কৰা, চৰাঞ্চলৰ ভাতনাপাইতি অঞ্চলৰ সলনি মডেল ডিগ্ৰী কলেজ সমষ্টিটোৰ উত্তৰপাৰৰ বাঘবৰত স্থাপন কৰা আৰু বিগত সময়ত বান গৰাখহনীয়াগ্ৰস্ত সমষ্টিবাসীৰ খবৰ নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।তদুপৰি সংবাদ মেলত আমছুৰ নেতা গৰাকীয়ে এই গৰাকী বিধায়কক আগন্তক নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ জিলা কংগ্ৰেছ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ওচৰত দাবী উত্থাপন কৰে। সংবাদমেলত আমছুৰ কাৰ্যকৰী সভাপতি ইকবাল হুছেইনে কয় বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে উন্নয়নৰ নামত কেৱল সামাজিক মাধ্যমত ফটা ঢোল বজাই থকাৰ কথা কোৱাৰ লগতে বিধায়ক পূঁজিৰ হিচাপ ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায়। সংবাদমেলত দক্ষিণ বৰপেটা জিলা আমছুৰ উপদেষ্টা আমিনুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় ৰফিকুল ইছলাম লগতে আঞ্চলিক সমিতিৰ কেইবাজন বিষয়ববীয়াই উপস্থিত থাকে।
No comments