২৪ জানুৱাৰী: যোৰহাট ঢেকিয়াজুলি সোণাৰী গাঁৱৰ নিবাসী, তথা তিতাবৰ ৭৫ নং ৰঙাজান পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী লখিমী বৰুৱাৰ আজি পুৱা ৪-৪৫ বজাত য...
২৪ জানুৱাৰী: যোৰহাট ঢেকিয়াজুলি সোণাৰী গাঁৱৰ নিবাসী, তথা তিতাবৰ ৭৫ নং ৰঙাজান পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী লখিমী বৰুৱাৰ আজি পুৱা ৪-৪৫ বজাত যোৰহাট বঙাল পুখুৰী খেমনাথ পথৰ নিবাসী তথা বৰপুত্ৰ মানস প্ৰতিম বৰুৱাৰ গৃহত বাৰ্ধক্য জনিত কাৰণত মৃত্যু হোৱাত অঞ্চল টোত গভীৰ শোকৰ ছাঁ পৰিছে।উল্লেখ্য যে শিৱসাগৰ চাৰিং মণিৰাম দেৱান পৰিয়ালৰ জীয়ৰী হিচাপে পৰিচিত বৰুৱাই এটা সময়ত তিতাবৰ ৰঙাজান মণ্ডল কংগ্ৰেছৰ সভানেত্ৰী ,৭৫নং ৰঙাজান আঞ্চলিক পঞ্চায়তৰ সদস্যা, পঞ্চায়তৰ সভানেত্ৰী,তিতাবৰ আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও স্হানীয় তিতাৰাম বৰদলৈ উ: মা: বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যা পদ অলঙ্কৃত কৰিছিল।তাৰোপৰি ঢেকিয়াজুলি সোণাৰি গাঁও মহিলা সমিতিৰ সভানেত্ৰী,তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ অঞ্চলটোৰ মহিলা সকলৰ পথ প্ৰৰ্দশক আছিল।সৰবৰহী অমায়িক ধৰ্মপ্ৰাণা মহিলা গৰাকীৰ হৰ্থাৎ মৃতুৰ খবৰ বিয়পি পৰাত তেওঁৰ মৃতদেহ ঢেকিয়াজুলি গৃহ পোৱাত গুণমুগ্ধ ৰাইজ,ক্ৰমে ঢেকিয়াজুলি যুৱ সংঘ,মহিলা সমিতি, প্ৰাঞ্জল যুৱসমাজ,বিভিন্ন সত্ৰ,তিতাৰাম বৰদলৈ,সুৱৰ্ণ প্ৰভা বিদ্যালয়,বঙলা পুখুৰীৰ ইন্দ্ৰ প্ৰস্হ সামূহিক বিকাশ কেন্দ্ৰ, ৭৫ নং ৰঙাজান পঞ্চায়ত আদিকে বহু অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।তেওঁ মৃতুৰ সময়ত দুজন পুত্ৰ,বোৱাৰী,এগৰাকী জীয়ৰী,বহুকেইজন দেওঁৰ,বোৱাৰী,নাতি নাতিনী ইহসংসাৰত এৰিথৈ যায়।
No comments