Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আৰক্ষী উপ-পৰিদৰ্শক লুটফুৰ ৰহমানৰ মৃত্যুত হাজোত শোক

গণ বাৰ্তা হাজো,৩১ জানুৱাৰীঃ হাজোৰ শনিয়াদিৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে। অকাল মৃত্যুক আকোৱালি লো...


গণ বাৰ্তা হাজো,৩১ জানুৱাৰীঃ হাজোৰ শনিয়াদিৰ এগৰাকী আৰক্ষী উপ-পৰিদৰ্শকৰ মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছা পৰিছে। অকাল মৃত্যুক আকোৱালি লোৱা আৰক্ষী উপ-পৰিদৰ্শক গৰাকী হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত শনিয়াদী গাঁৱৰ প্ৰধান শিক্ষক  চুলতান আলীৰ পুত্ৰ তথা শিলচৰ সদৰ থানাৰ আৰক্ষী উপ পৰিদৰ্শক লুটফুৰ ৰহমান। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৪ বছৰ। জানিব পৰা মতে, বিগত কিছু দিন ধৰি ৰহমানে হাওফাওৰ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী স্বাগত চিকিসালয়ত চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অবস্থাতে আজি পুৱা প্ৰায় দহ বজাত শেষ:নিশ্বাস ত্যাগ কৰে।এগৰাকী সৎ আৰু নিকা বিষয়া হিচাপে পৰিচিত প্ৰয়াত ৰহমানে চাকৰি থকাৰ সময়তো অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল।তেওঁৰ অকাল মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ বহু গুণমুগ্ধ লোক আহি তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।তেওৰ মৃত্যুত আছুৰ উপ সভাপতি প্ৰকাশ চন্দ্ৰ দাস, আছু নেতা ইমদাদুৰ ৰহমান, নৱজ্যোতি দাস, তপন দাসৰ লগতে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন, অনুস্থান- প্ৰতিস্থান, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে। মৃত্যুৰ সময়ত পিতৃ-মাতৃ, পত্নী সহ দুই পুত্ৰক ইহ সংসাৰত এৰি যায়।আজি বিয়লি স্থানীয় কেৰ স্থানত জানাজা সম্পন্ন কৰে।

No comments