গণবাৰ্তা,হাউলী,২৪ জানুৱাৰী: জমিয়তে আহলে হাদিছ অসমৰ এখন সাধাৰণ সভা ৰবিবাৰে দিনৰ ১০ বজাত হাউলীৰ ওচৰৰ ইটাৰভিটা-হেলেনাৰপাম জামিয়া ইছলামীয়া ছালাফ...
গণবাৰ্তা,হাউলী,২৪ জানুৱাৰী: জমিয়তে আহলে হাদিছ অসমৰ এখন সাধাৰণ সভা ৰবিবাৰে দিনৰ ১০ বজাত হাউলীৰ ওচৰৰ ইটাৰভিটা-হেলেনাৰপাম জামিয়া ইছলামীয়া ছালাফীয়া আৰবী কলেজ প্ৰাংগনত অধ্যাপক মজিবুৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত হয় | সভাত উদ্দেশ্যে ব্যাখ্যা আৰু বছৰেকীয়া সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জমিয়তে আহলে হাদিছৰ সাধাৰণ সম্পাদক ড০ নোৱাব আলীয়ে | উক্ত সভাত জমিয়তে আহলে হাদিছৰ সাংগাঠনিক দিশ,ভৱিষ্যৎ কাৰ্যপন্থাৰ ওপৰত আলোচনাৰ অন্তত আগন্তুক বৰ্ষটোৰ কাৰণে আলহাজ ইছমাইল হুছেইনক সভাপতি,অধ্যাপক মজিবুৰ ৰহমান খানক কাৰ্যকৰী সভাপতি, ড০ নোৱাব আলীক সাধাৰণ সম্পাদক আৰু ড০ মোখলেছুৰ ৰহমানক যুটীয়া সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া সদস্যৰে জমিয়তে আহলে হাদিছ অসমৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰে | অসমৰ এঘাৰ খন জিলাৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধিয়ে উক্ত সাধাৰণ সভাত অংশ গ্ৰহন কৰে |
No comments