গনবাৰ্তা দলগাও, ১ জানুৱাৰী: নববৰ্ষৰ পহিলা দিনটোতে হেলমেট বিহীন বাইক আৰোহীৰ বিৰুদ্ধে এক তালাচী চলাই খাৰুপেটীয়া আৰক্ষীয়ে । খাৰুপেটীয়...
গনবাৰ্তা দলগাও, ১ জানুৱাৰী: নববৰ্ষৰ পহিলা দিনটোতে হেলমেট বিহীন বাইক আৰোহীৰ বিৰুদ্ধে এক তালাচী চলাই খাৰুপেটীয়া আৰক্ষীয়ে । খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কাকতি আৰু যান বাহন বিভাগৰ মহিলা আৰক্ষী বিষয়া ইস্তাৰ সুৰেনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই হেলমেট বিহীন বাইক আৰোহীক জৰিমনা বিহাৰ পৰিবৰ্তে প্ৰদান কৰে এটাকৈ হেলমেট । খাৰুপেটীয়াৰ মাজ মজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে হেলমেট বিহীন বহু বাইক আৰোহীক হেলমেট প্ৰদান কৰি নব বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ কৰি নিজৰ লগতে পৰিয়ালৰ সুৰক্ষাৰ বাবে নববৰ্ষৰ পহিলা দিনৰ পৰাই হেলমেট পৰিধান কৰিবলৈ সকলোকে আহ্বান জনায় ।
No comments