গণ বাৰ্তা, শালবাৰী, ১৮ জানুৱাৰী: প্ৰতিদিনে বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলায় আহিছে বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমুহত৷ নিশা পুনৰ মান...
গণ বাৰ্তা, শালবাৰী, ১৮ জানুৱাৰী: প্ৰতিদিনে বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলায় আহিছে বাক্সাৰ ভাৰত-ভূটান সীমান্ত অঞ্চল সমুহত৷ নিশা পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে খাই তহিলং কৰি আহিছে মুৰৰ ঘাম মাটিত পেলায় ৰোপন কৰা কৃষকৰ ৰবি শস্যৰ খেতি৷ বনৰীয়া হাতীৰ জাকটোৰ মুক্ত বিচৰনক অঞ্চলটোৰ ৰাইজ আতংকিত হৈ আহিছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোৱে অঞ্চলটোৰ বহু কৃষকৰ বিলাহী, বেঙেনা খেতি খাই তহিলং কৰি আহিছে৷ হাতীৰ জাকটোৱে পথাৰৰ খেতি খাই তহিলং কৰাৰ লগতে কেবাটাও পৰিয়ালৰ ঘৰ- দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি ক্ষতি সাধন কৰে৷ ৰাইজে বনবিভাগক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়-ক্ষতিৰ বুজ লৈ ক্ষতিগ্ৰস্ত খেতিয়কক ক্ষতিপূৰন দিব বুলি আশ্বাস প্ৰদান কৰে যদিও বনবিভাগৰ ওপৰত আস্থা হেৰুৱাইছে ৰাইজে৷ উল্লেখ্য যে প্ৰতি বছৰে কৃষকৰ খেতিৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰৰ ক্ষতি সাধন কৰি অহাৰ পিচত বনবিভাগে কৃষক সকলক আশ্বাস দিয়ে যদিও আজি পৰ্যন্ত কৃষক সকলে ক্ষতিপূৰন নাপালে৷ প্ৰতিজন খেতিয়কে বন্ধন বেংকৰ পৰা লাখ লাখ টকা ঋণ লৈ খেতি কৰিছে এতিয়া দিহহাৰা হৈ পৰা কৃষক সকলে যদি চৰকাৰৰ পৰা উপযুক্ত ক্ষতিপূৰন নাপায় তেতিয়া হ'লে আত্মহত্যাৰ পথ বাচি ল'ব বুলি হুংকাৰ দিয়ে।
No comments