Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত যোৰহাটত প্ৰতিবন্ধীৰ প্ৰতিবাদ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৫ জানুৱাৰী:  গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত আজিৰে পৰা উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ু...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৫ জানুৱাৰী: গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত আজিৰে পৰা উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আৰম্ভ কৰিছে ১৭ ঘন্টিয়া অনশন কাৰ্য্যসূচী । কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবন্ধীসকল বহে প্ৰতিবাদত । উল্লেখ্য  যে  ২৮ জানুৱাৰী ২০২১ৰ ভিতৰত  চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাবে সাক্ষাৎকাৰ  গ্ৰহন কৰি ১০ ফ্ৰেব্ৰুৱাৰী ২০২১ৰ ভিতৰত নিযুক্তি প্ৰদান কৰা দাৱী, দীন দয়াল দিব্যাংগ আঁচনি পাঁচ হাজাৰ   টকালৈ এক কালীন সাহায্য বাজেটতে বৃদ্ধি কৰাৰ দাৱী, উজনী অসমত প্ৰতিবন্ধী কাৰ্যালয় তথা ভৱন নিৰ্মানৰ বাবে ৫০ লাখ টকা ৩১ জানুৱাৰীৰ ভিতৰত আৱন্টন দিয়াৰ দাবী আৰু  দিবাংগ সকলক স্ব নিয়োজনৰ বাবে ২০ হাজাৰকৈ মোকোলাই দিয়াৰ দাৱীসমূহ  ৰূপায়নৰ দাবী উত্থাপন কৰি   অনশন কাৰ্যসূচীত বহে প্ৰতিবন্ধীসকলক । উল্লেখ্য যে  এই দাৱী সমূহ  কালিলৈ ভিতৰত সুদুত্তৰ নাপালে  পুনৰ ৰাষ্টীয় পতাকা উত্তোনল কৰি  আমৰণ অনশন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে দিব্যাংসকলে ।

Attachments area

No comments