Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিক্ষয়িত্ৰী সুস্বপ্না হাজৰিকাক প্ৰশাসনৰ বিশেষ সন্মান প্ৰদান

গণ বাৰ্তা,ইটাখোলা ৩০ জানুৱাৰীঃ ক'ভিড-১৯ মহামাৰীৰ পৰিপেক্ষিতত বিদ্যালয় সমুহত পাঠদান সম্পূৰ্ণৰূপে ব্যাহত হৈ থকা দূৰ্য্যোগপূৰ্ণ সময়চোৱাত শি...


গণ বাৰ্তা,ইটাখোলা ৩০ জানুৱাৰীঃ ক'ভিড-১৯ মহামাৰীৰ পৰিপেক্ষিতত বিদ্যালয় সমুহত পাঠদান সম্পূৰ্ণৰূপে ব্যাহত হৈ থকা দূৰ্য্যোগপূৰ্ণ সময়চোৱাত শিক্ষাৰ্থীসকলক পাঠদানৰ ক্ষেত্ৰত অনলাইন মাধ্যমৰ জৰিয়তে নিষ্ঠা আৰু সততাৰে পাঠদান কাৰ্য আগবঢ়োৱাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে জামুগুৰিহাটৰ সুস্বপ্না হাজৰিকাক বিশেষ সন্মানেৰে সন্মানিত কৰে। তেজপুৰস্থিত নেহেৰু মৈদানত অনুষ্ঠিত দেশৰ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনা শিক্ষয়িত্ৰী গৰাকীক জিলা প্ৰশাসনে বিশেষভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সমগ্ৰ বিশ্বৰ লগতে দেশখনৰ তথা ৰাজ্যখনতো ক'ভিড-১৯ য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাত শিক্ষানুষ্ঠান সমুহ বিভিন্ন দিশৰ লগতে শৈক্ষিক দিশত অভাৱনীয় ভাবে ছাত্ৰ-ছাত্ৰীৰ বিস্তৰ ক্ষতি সাধন হৈছিল। কিন্তু জিলাখনৰ ঘোঁৰামাৰিস্থিত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা মূঢ়াদলৰ সুস্বপ্না হাজৰিকাই একাংশ ছাত্ৰ-ছাত্ৰীক আংশিক ভাবে হলেও সকাহ দিয়াৰ উদ্দেশ্যে নিজাৱবীয়াকৈ উদ্যোগ গ্ৰহণ কৰি Suswapna's Classes for Class 9' নামকৰণেৰে এটি ইউটিউব চেনেল দ্বাৰা অনলাইনযোগে নিয়মীয়াকৈ পাঠদান কৰি গৈছিল। কৃতি শিক্ষয়িত্ৰী হাজৰিকাৰ সেই মহান কৰ্মক স্বীকৃতি দি শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা নিজৰ কৰ্মৰ স্বীকৃতি পোৱাত সুস্বপ্না হাজৰিকাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যক্তিবিশেষে অভিনন্দন জনাইছে।

No comments