Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ৰাইজৰ দলৰ মণ্ডল সমিতি গঠন

  ষ্টাফ ৰিপৰ্টাৰ,  যোৰহাট ১৮ জানুৱাৰীঃ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ ৰাজনৈতিক তৎপৰতা  বৃদ্ধি পোৱাৰ লগতে ঐক্যবদ্ধ , আপোচহীন, প্ৰ...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১৮ জানুৱাৰীঃ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন দলৰ ৰাজনৈতিক তৎপৰতা  বৃদ্ধি পোৱাৰ লগতে ঐক্যবদ্ধ , আপোচহীন, প্ৰগতিশীল, জাতিয়তাবাদী ৰাজনৈতিক দল ৰাইজৰ দলেও নিজৰ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি তুলিছে | বিশেষকৈ যোৰহাটত দলটোৰ বিভিন্ন ভাতৃ ভগ্নী দল সংগঠন গঠন হোৱাৰ লগতে দলৰ ৱাৰ্ড সমিতি, আঞ্চলিক সমিতি, মণ্ডল সমিতিসমূহ গঠন হ'ব ধৰিছে | ৰাইজৰ দলত দৈনিক বিভিন্ন অংশৰ ৰাইজে যোগদান কৰি একৈশৰ নিৰ্বাচন, বিজেপি বিসৰ্জন শ্ল'গানক সাকাৰ কৰাৰ বাবে অগ্ৰসৰ হৈছে | অখিল গগৈৰ নেতৃত্বত গঠন হোৱা দলটোৰ আজি চিনামৰাত অনুষ্ঠিত হোৱা এখন সভাত দলটোৰ চৰাইবাহী মণ্ডল সমিতিখন গঠন হয় | এই উপলক্ষে হোৱা সভাত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মা উপস্থিত হৈ আঞ্চলিক দলেই অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব বুলি কয় | তেখেতে লগতে কয় যে অখিল গগৈৰ আপোচহীন আদৰ্শক সন্মুখত লৈ সকলো আঞ্চলিক দলক ঐক্যবদ্ধ কৰি বিজেপিৰ যি জাতিধ্বংসী ৰাজনীতি তাক প্ৰতিহত কৰিবই লাগিব | সভাত আব্দুল গফুৰ আলিক সভাপতি, দিলীপ বৰা আৰু বাবুল গন্ধিয়াক কাৰ্যকৰী সভাপতি , ধীৰেণ গগৈ আৰু হেমন্ত চাৰিঙীয়াক উপ সভাপতি , বিমল শইকীয়াক সাধাৰণ সম্পাদক , বলিন চন্দ্ৰ বৰুৱা , হালিমা বেগম , ক্ষিৰোদ বৰাক সম্পাদক , মৃদুল ভেংৰা , পবিত্ৰ বৰা , বুবু আলিক সহকাৰী সম্পাদক , চহিদুৰ ৰহমানক সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হয় | সভাত যোৰহাট সমষ্টি সমিতিৰ সম্পাদক অভিজিত শইকীয়া , দলৰ যুৱ কোষৰ সভাপতি বিজয় চেতিয়া, সাধাৰণ সম্পাদক ইকবাল আহমেদ , অমৃত শইকীয়া, সহকাৰী সম্পাদক হবিব আলি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে |

No comments