Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাজোত নিশা অজাপ ৰ বেনাৰ পোষ্টাৰ ফালিলে দুৰ্বৃত্তই

  গণ বাৰ্তা হাজো ,৪ জানুৱাৰীঃ আঞ্চলিকতাবাদী ৰাজনীতিৰ এসময়ৰ শক্তিশালী দুৰ্গস্বৰূপ কামৰূপ জিলাৰ ৫৫ নং হাজো বিধান সভা সমষ্টিটো  অগপ , কংগ্ৰেছ...


 গণ বাৰ্তা হাজো ,৪ জানুৱাৰীঃ আঞ্চলিকতাবাদী ৰাজনীতিৰ এসময়ৰ শক্তিশালী দুৰ্গস্বৰূপ কামৰূপ জিলাৰ ৫৫ নং হাজো বিধান সভা সমষ্টিটো  অগপ , কংগ্ৰেছ , টি এম চি ৰ দখলত থকাৰ পিছত বিগত ২০১৬ ৰ বিধানসভা নিৰ্বাচনত সুমন হৰিপ্ৰিয়াই প্ৰতিদ্বিতা কৰি সমষ্টিটো বিজেপিৰ দখললৈ নিয়ে ৷ ৰাজ্যৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদে হাজো সমষ্টিত পুনৰ আঞ্চলিকতাবাদী দুৰ্গ ঘুৰাই অনাৰ বাবে ব্যাপক হাৰত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷ সেই উদ্দেশ্য কালি এক যোগদান সমাৰোহৰ মাজেৰে প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদে অজাপত যোগদান কৰে ৷ যোগদানৰ পিছতে কৰ্মী সকলে  ঘৰে ঘৰে আমি অসম প্ৰথম সদায় আৰু চিৰদিন এই মূলমন্ত্ৰ লৈ গাওঁসমূহৰ পূৰ্বৰ আঞ্চলিক শিবিৰৰ ব্যক্তিৰ ঘৰে ঘৰে প্ৰচাৰ চলাব বুলি কালিৰ সভাত কৰা ঘোষণাত শংকিত হৈ পৰা বুলি মন্তব্য কৰে কালি অজাপত যোগদান কৰা দুলু আহমেদে ৷ যোগদান কাৰ্যসূচীৰ বাবে  কৰ্মী সকলে হাজো সমষ্টিৰ ৰাজপথ  তথা  অঞ্চলটোৰ  হাট-বজাৰ চ’ক আদিত বেনাৰ , পোষ্টাৰ আৰি ব্যাপক প্ৰচাৰ চলাইছিল আৰু যোগদান সমাৰোহৰে দুলু আহমেদে যোগদান কৰাত শংকিত হৈ কোনো দুৰ্বৃত্তই নিশা অজাপৰ বেনাৰ পোষ্টাৰ ফালি পেলায় ৷ আনহাতে , পূৰ্বৰ জাতীয়তাবাদী শিবিৰৰ বহু সংখ্যক নেতা কৰ্মীয়ে ইতিমধ্যে নৱগঠিত এজেপিত যোগদান কৰিছে ৷ ইয়াতেই অসম জাতীয় পৰিষদৰ বেনাৰ - পোষ্টাৰ তথা ব্যাপক প্ৰচাৰত শংকিত হৈ পৰিছে একাংশ ৰাজনৈতিক দল ৷ যাৰফলত , নিশা দুৰ্বৃত্তই হাজোৰ বিভিন্ন স্থানত আৰি থোৱা কেইবাখনো বেনাৰ - পোষ্টাৰ ফালি পেলাই ৷

No comments