কয়াকুছিৰ পৰা দিদাৰ হুছেইন আৰু ছাহেদ আলী আহমেদ,১৬ জানুৱাৰীঃ বৰপেটা জিলাৰ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু গণ অধিকাৰ ছোচিয়েল চাৰ...
কয়াকুছিৰ পৰা দিদাৰ হুছেইন আৰু ছাহেদ আলী আহমেদ,১৬ জানুৱাৰীঃ বৰপেটা জিলাৰ কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ উদ্যোগত আৰু গণ অধিকাৰ ছোচিয়েল চাৰ্কুলৰ সহযোগত শনিবাৰে এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কয়াকুছিৰ তালেবৰ ৰহমানৰ বিল্ডং প্ৰাংগনত বিশিষ্ট সাংবাদিক মৰহুম তাজ উদ্দিন আহমেদৰ তৃতীয় বাৰ্ষিক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় | আবেলি তিনি বজাত কয়াকুছি সাহিত্য সমন্বয় গোষ্ঠীৰ সভাপতি মহানন্দ সৰকাৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা,বিশিষ্ট সাহিত্যত খবিৰ আহমেদ,দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ,ডাঃ ছৈয়দ আহমেদ জাদিদ,অৱসৰপ্ৰাপ্ত উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ,অৱসৰপ্ৰাপ্ত শিক্ষক ফাইজুৰ ৰহমান,পালহাজী আজাদ আঞ্চলিক কলেজৰ অধ্যক্ষ মজিবুৰ ৰহমান,কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰ উদ্দিন আহমেদকে আদিকৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিশিষ্ট সাংবাদিক,লেখক মৰহুম তাজ উদ্দিন আহমেদৰ জীৱন দৰ্শন,সাহিত্য কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় | ইয়াৰ পূৰ্বে সাহিত্য সমন্বয় গোষ্ঠীৰ সভাপতি মহানন্দ সৰকাৰ দত্তৰ সঞ্চালনাত গীত-মাত কবিতাৰ মহামিলন কাৰ্যসূচী অনুষ্ঠিত হয় | উক্ত কাৰ্যসূচীত বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য অকাডেমীৰ পৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক ভৱানীপুৰৰ সমাজকৰ্মী তাইজ উদ্দিন আহমেদ আৰু সৰুক্ষেত্রীৰ সমাজকৰ্মী জালাল উদ্দিন ভূঞাক সম্বৰ্ধনা জনোৱা হয় | সভাৰ উদ্দেশ্যেব্যাখ্যা কৰে সাহিত্য সমন্বয় গোষ্ঠীৰ মূখ্য সম্পাদক ছাহেদ আলী আহমেদে |
No comments