গণ বাৰ্তা গৰৈমাৰী, ১৯ জানুৱাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীত জুৱা আৰু তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। গৰৈমাৰী অঞ্চলত দীৰ্...
গণ বাৰ্তা গৰৈমাৰী, ১৯ জানুৱাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীত জুৱা আৰু তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। গৰৈমাৰী অঞ্চলত দীৰ্ঘদিন ধৰি অবাধে চলি থকা অবৈধ তীৰ খেলৰ বিৰুদ্ধে সৰৱ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ লগতে আৰক্ষী চক্ৰ পৰিদৰ্শক সোণ শৰ্মা৷গৰৈমাৰী আৰক্ষীৰ সহযোগত ছয়গাঁও থানাৰ বিষয়া দুজনে আজি বিয়লি গৰৈমাৰীৰ পুখুৰীপাৰত আকস্মিক ভাবে অভিযান চলাই দুজনকৈ তীৰখেলৰ বুকীক আটক কৰাৰ লগতে খেলত ব্যৱহৃত সামগ্ৰীসহ জব্দ কৰিছে ২২,৯৯৫ টকা৷ ধৃত তীৰৰ বুকি দুজন শিঙিমাৰী গাঁৱৰ মংগল চন্দ্ৰ বাঢ়ৈ আৰু শম্ভুচৰন সৰকাৰ৷ দুয়ো গৰাকী তীৰৰ বুকি সম্প্ৰতি গৰৈমাৰী আৰক্ষীৰ জিম্মাত ।
No comments