গণ বাৰ্তা, শিৱসাগৰ, ১০ জানুৱাৰীঃ আজি শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এখন সভাত ড° ৰঞ্জনা দাসক সতী ৰাধিক...
গণ বাৰ্তা, শিৱসাগৰ, ১০ জানুৱাৰীঃ আজি শিৱসাগৰত সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এখন সভাত ড° ৰঞ্জনা দাসক সতী ৰাধিকা বঁটা প্ৰদান কৰা হয়। শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সতী ৰাধিকা বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। ইয়াৰোপৰি ৰাজ্যৰ ত্ৰিশ গৰাকী নাৰী যাৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে, নিজ নুজ অঞ্চলত তেওঁলোকে সমাজৰ বাবে কাম কৰি গৈছে তেনে মহিলাক নিৰ্বাচিত কৰি সতী ৰাধিকা বঁটা প্ৰদান কৰে সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই। উল্লেখ্য যে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ বিভাগৰ প্ৰাক্তন সঞ্চালিকা আছিল ড° ৰঞ্জনা দাস।
No comments