গণ বাৰ্তা, ধিং, ২০ জানুৱাৰী : নগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰ ঘাট গাওঁ পঞ্চায়তত এম জি এন ৰেগাৰ কামত এটা পাঁচ জনীয়া দুষ্টচক...
গণ বাৰ্তা, ধিং, ২০ জানুৱাৰী : নগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত লহকৰ ঘাট গাওঁ পঞ্চায়তত এম জি এন ৰেগাৰ কামত এটা পাঁচ জনীয়া দুষ্টচক্ৰই কাম বন্ধ কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । দুষ্টচক্ৰটোৱে দাবী কৰা ধন নিদিয়াৰ বাবেই পঞ্চায়তত কাম বন্ধ কৰি দিয়াক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ পঞ্চায়তটোতে । প্ৰাপ্ত অভিযোগ মতে, লহকৰ ঘাট গাওঁ পঞ্চায়তৰ এটা এম জি এন ৰেগাৰ কামত কেইদিনমানৰ পূৰ্ৱে কিছু কাম সম্পূৰ্ণ হওঁতেত এটা পাঁচজনীয়া দুষ্টচক্ৰই সেই কামটোৰ বাবদ জবকাৰ্ড শ্ৰমিকৰ পৰা দুইলাখ টকা দাবী কৰে । আৰু দাবী কৰা ধন নিদিয়াৰ বাবেই আজি কেইবাদিনে বন্ধ কৰি ৰাখিছিল কামটো । কিন্তু আজি পুনৰ বহু কেইজন জবকাৰ্ড শ্ৰমিকে সেই একেটা কামকে কৰিবলৈ যোৱাত সেই দুষ্টচক্ৰৰ পাঁচজনীয়া দলটোৱে আজি আকৌ চোকা অস্ত্ৰ লৈ খেদি যোৱাত শ্ৰমিকৰ দলটোৱে যেনে তেনে কাম কৰি ঠাইৰ পৰা পলায়ন কৰি নিজৰ ৰক্ষা পৰে । উপায় বিহীন হৈ লগে লগে শ্ৰমিকৰ দলটো ধিং আৰক্ষী থানাত উপস্থিত হৈ দুষ্টচক্ৰৰ দলটোৰ শ্বৰিফুল ছাইদুল, শ্বাজাহান আলী, মুস্তাফা আহমেদ, শ্বহিদুল ইছলাম আৰু ইলিয়াছৰ বিৰুদ্ধে পঞ্চায়তটোৰ আনাৰুল ইছলাম নামৰ জবকাৰ্ড শ্ৰমিকজনে এক লিখিত অভিযোগ দাখিল কৰিছে । উল্লেখ্য যে, মাফিয়া ৰূপী এই দুষ্টচক্ৰৰ দলটোৱে বিগত সময়ছোৱাতো পঞ্চায়তত হব লগা উন্নয়নমূলক কামত বাধা প্ৰদান কৰি অহাৰ ওপৰিও এম জি এন ৰেগাৰ কামত বাধা প্ৰদান কৰি পঞ্চায়তটোৰ শতাধিক দৰিদ্ৰ জবকাৰ্ড শ্ৰমিকৰ পৰিয়াল পোহপাল দিয়াত জটিল সমস্যাৰ সৃষ্টি কৰিছে । এই ক্ষেত্রত আৰক্ষী প্রশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জবকাৰ্ড শ্ৰমিক সকলে দাবী জনাইছে ।
No comments