Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোৰ সোণতলীত শিক্ষাৰ্থীক হত্যাৰ অপচেষ্টা: দোষীক কৰায়ত্ব কৰাৰ দাবীত আৰক্ষী চকী ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ

  গণ বাৰ্তা,সোণতলী, ১ জানুৱাৰী:  কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ  ছমৰীয়াপামত কালি স্কুলীয়া ছাত্ৰ এগৰাকীক স্থানীয় গাঞ্জা ...


 গণ বাৰ্তা,সোণতলী, ১ জানুৱাৰী: কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ  ছমৰীয়াপামত কালি স্কুলীয়া ছাত্ৰ এগৰাকীক স্থানীয় গাঞ্জা ব্যৱসায়ীৰ পৰিয়াল এটাই পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷উক্ত ঘটনাৰ কেন্দ্ৰকৰি আজি আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীয়ে ২৪ ঘণ্টাৰ ভিতৰত দোষীক আটক কৰাৰ দাবীত সোণতলী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। ছাত্ৰ-ছাত্ৰী সকলে হাতে- হাতে প্লে-কাৰ্ড লৈ আৰক্ষী চকী পৰিবেশ উত্তাল কৰি তোলে।জানিব পৰামতে, সোণতলীৰ শেলেসুঁতি গাঁৱৰ ৰাশেদ আলীৰ পুত্ৰ তথা ছমৰীয়াপাম আশ্ৰাফুল উলুম এম ই মাদ্ৰাছাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মণিৰুল হকে কালি বিদ্যালয় ছুটীৰ পিচত খোজকাঢ়ি ঘৰলৈ গৈ থকা অৱস্থাত ছমৰীয়াপাম গাঁৱৰ আমজাদ আলীৰ পুত্ৰ ৰাব্বুল হকে শিলগুটি নিক্ষেপ কৰাত শিক্ষাৰ্থীগৰাকী মূৰত আঘাত পায় ৷ পিচত এইলৈ শিক্ষাৰ্থী মণিৰুল হক আৰু উদণ্ড যুৱক ৰাব্বুল হকৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাব্বুল হকৰ পিতৃ আমজাদ আলী, মাতৃ ৰাবিয়া খাতুন, খুড়া আফজাল আলী, খুড়া সুকুমুদ্দিনে শিক্ষাৰ্থী মণিৰুল হকক ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে চোঁচৰাই নি কাঠৰ খুঁটাত বান্ধি লাঠি, কোৰ, ইটাৰে উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰ অপচেষ্টা চলায় ৷ ইপিনে মণিৰুল হকক বিদ্যালয়ৰ কেইগৰাকী শিক্ষাৰ্থীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিও একপ্ৰকাৰ ব্যৰ্থ হয় ৷ আনহাতে ঘটনাৰ সবিশেষ জানিব পাৰি মণিৰুলৰ পৰিয়ালে সোণতলী আৰক্ষীক অৱগত কৰে৷  পিচত সোণতলী আৰক্ষীয়ে আহত শিক্ষাৰ্থী মণিৰুল হকক দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ উক্ত ঘটনা সন্দৰ্ভত মণিৰুল হকৰ পিতৃয়ে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে আমজাদ আলীৰ পৰিয়ালটো অবৈধ মদ, জুৱা, গাঞ্জাৰ লগতে নাৰীদেহ ব্যবসায়ৰ সৈত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনহাতে উত্তেজিত ৰাইজ-শিক্ষাৰ্থীয়ে আমজাদ আলীৰ বাসগৃহত ৰোপন কৰা অবৈধ ভাংগছ কাটি নষ্ট কৰে ৷ ইফালে আজি মনিৰুল হক অধ্যায়ন কৰা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ সোণতলী আৰক্ষী চকী ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীয়ে সোণতলী আৰক্ষী চকী ঘেৰাও কৰি মনিৰুলক হত্যাৰ অপচেষ্টা চলোৱা অপৰাধীক গ্ৰেপ্তাৰ কৰক, সোণতলী অঞ্চল অব্যাহত থকা মদ, জুৱা খেলৰ প্ৰচলন বন্ধ কৰক আদি ধ্বনি দি পৰৱেশ উত্তাল কৰি তোলাৰ লগতে মনিৰুল হত্যাৰ অপচেষ্টা চলোৱা অপৰাধীক ২৪ ঘন্টাৰ ভিতৰতেই গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সোণতলী আৰক্ষীক এখন এজাৰ প্ৰদান কৰে ৷

No comments