গণবাৰ্তা,হাউলী,১৩ জানুৱাৰীঃ হাতিজানা এইচ্ এম ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত আয়োজিত দিৱা-নৈশ প্ৰাইজমানী আৰু ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত পক্ষপাতিত্...
গণবাৰ্তা,হাউলী,১৩ জানুৱাৰীঃ হাতিজানা এইচ্ এম ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত আয়োজিত দিৱা-নৈশ প্ৰাইজমানী আৰু ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত পক্ষপাতিত্ব, অনিয়মৰ অভিযোগ উত্থাপন হৈছে । বৃহত্তৰ হাউলী অঞ্চলত যোৱা মাহৰ পৰা কেইবাখনো দিবা- নৈশ ক্ৰিকেট প্ৰতিযোগিতা শৃংখলাবদ্ধ তথা সফলভাবে সমাপন হৈছে । কিন্তু হাতীজনাৰ উক্ত প্ৰতিযোগিতা খনত পক্ষপাতিত্ব মূলক অভিযোগ উত্থাপন হোৱাত হাউলীৰ ক্ৰীড়াপ্ৰেমীৰ মাজত বিশেষভাৱে চৰ্চিত হৈছে । হাউলী ইভাৰগ্ৰীণ ক্লাবৰ অধিনায়ক নয়নমনি আহমেদে অভিযোগ কৰি কয় যে খেল পৰিচালনা সমিতিয়ে খেলৰ নীতি নিয়মক জলাঞ্জলি দি প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ নোহোৱা দলক ধনৰ বিনিময়ত পৰৱৰ্তী ৰাউণ্ডত খেলৰ সুযোগ দিছে । আম্পিয়াৰে পক্ষপাতিত্ব কৰাৰো অভিযোগ কৰে খেলুৱৈ মামিদুল হাচানে । ছেমিফাইনেলত লাকী ড্ৰৰ জৰিয়তে খেল পৰিচালনা কৰিবলৈ দল সমূহে বাৰাম্বাৰ অনুৰোধ কৰাৰ পাছতো সমিতিয়ে বিষয়টো শুৰুত্ব নিদিয়া বাবে হাউলী ইভাৰগ্ৰীণ ক্লাবে ছেমিফাইনেলৰ খেল টচ্ নকৰাকৈ খেল বৰ্জন কৰে । পুনৰ খেল পৰিচালনা সমিতিয়ে খেল অনুষ্ঠিত কৰি এইদৰে মইমাতালি কৰাত ক্ষোভিত হৈ পৰিছে ক্ৰীড়াপ্ৰেমী ৰাইজ ।
No comments