Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দৰঙৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম স্থান কুৰুৱাৰ তামোল বাৰী পথৰ শুভাৰম্ভণী অনুষ্ঠান

গণ বাৰ্তা, দুমুনিচকী ৯ জানুৱাৰী: ছিপাঝাৰ সমষ্টিৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম স্থান কুৰুৱাৰ তামোল বাৰী আৰু উপৰ কুৰুৱালৈ যোৱা পথ দুটি ক্ৰমে - তামোল...


গণ বাৰ্তা, দুমুনিচকী ৯ জানুৱাৰী: ছিপাঝাৰ সমষ্টিৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম স্থান কুৰুৱাৰ তামোল বাৰী আৰু উপৰ কুৰুৱালৈ যোৱা পথ দুটি ক্ৰমে - তামোলবাৰী বনভোজ স্থলীলৈ যোৱা পথ(আৱন্টিত ধন -৯০ লাখ টকা) আৰু  মৰমী চ'কৰ পৰা উপৰ কুৰুৱা বনভোজ স্থলীলৈ যোৱা পথ(আৱন্টিত ধন- ৬৯  লাখ টকা) ৰ আনুষ্ঠানিক ভাৱে অসম দৰ্শন আঁচনি,২০১৯-২০ বৰ্ষৰ অধীনত নিৰ্মাণ ৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷  শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগ, ছিপাঝাৰ আৰু কলাইগাওঁ ক্ষেত্ৰীয় পথ সং-মণ্ডলৰ কাৰ্যবাহী অভিযন্তা বিজয় ভূষণ শইকীয়া, সহকাৰী কাৰ্যবাহী অভিযন্তা  ভাস্কৰ চহৰীয়া প্ৰমুখ্যে লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, জ্যেষ্ঠ নাগৰিক সকল তথা স্থানীয় ৰাইজ। এই পথ কেইটাৰ উন্নয়নে স্থানীয় লোকসকলৰ লগতে বিভিন্ন ঠাইৰ পৰা বনভোজ খাবলৈ অহা লোকসকলৰ যোগাযোগ ব্যৱস্থা সুচল কৰিব বুলি বিধায়ক শইকীয়াই উল্লেখ কৰে  ।

No comments