গণবাৰ্তা, খাৰুপেটীয়া, ৩০ জানুৱাৰী: বহুবল্কী তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰঙৰ খাৰুপেটীয়া দলগাৱৰ কৃষকসকলে শাক পাচলিৰ জৰিয়তে জৈৱি...
গণবাৰ্তা, খাৰুপেটীয়া, ৩০ জানুৱাৰী: বহুবল্কী তথা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰঙৰ খাৰুপেটীয়া দলগাৱৰ কৃষকসকলে শাক পাচলিৰ জৰিয়তে জৈৱিক আৰু ৰাসায়নিক আক্ৰমণ কৰা বুলি ৰাজহুৱাভাৱে কৰা অভিযোগৰ পিচত এতিয়া দৰঙৰ কৃষকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । হিমন্তই ৰাসায়নিক আক্ৰমণ কৰা বুলি কোৱা দৰঙৰ খাৰুপেটীয়াত আছে এখন গোবৰ সাৰৰ বজাৰ ৷ খাৰুপেটীয়া নিমতলি দলঙৰ কাষত গঢ়ি উঠা গোবৰৰ বজাৰত দৈনিক গোবৰ বিক্ৰী কৰিবলৈ দূৰ দূৰনিৰ পৰা গোবৰ ভৰ্তি ট্ৰাক আহি ভিৰ কৰে ৷ শাক পাচলি উৎপাদনত খাৰুপেটীয়াৰ কৃষকে ৰাজ্যখনত অগ্ৰনী ভূমিকা বহন কৰি আহিছে৷ খাৰুপেটীয়াৰ পাচলি অসমৰ বিভিন্ন স্থানৰ সৈতে চুবুৰীয়া বিভিন্ন ৰাজ্যলৈ দৈনিক সৰবৰাহ কৰা হয়৷ কিন্ত খাৰুপেটীয়া দলগাঁৱৰ কৃষকে পাচলিত বেজী মাৰি নিশাটোৰ ভিতৰতে লাউ, বেঙেনা, কোমোৰা আদি ডাঙৰ কৰা বুলি মন্ত্ৰী হিমন্তৰ এক বক্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে খাৰুপেটীয়াত৷ প্ৰকাশ কৰে খাৰুপেটীয়া কৃষক সকলৰ দাবী খাৰুপেটীয়াৰ কৃষকে খেতিপথাৰত ৰাসায়নিক সাৰতকৈ অধিক পৰিমানে প্ৰয়োগ কৰে গোবৰ সাৰ৷ খাৰুপেটীয়াৰ গোবৰ সাৰৰ বজাৰতে দৈনিক ৫০ৰ পৰা ৬০ ট্ৰাক গোবৰ বিক্ৰী হয়৷ প্ৰতি ট্ৰাক গোবৰ বিক্ৰী হয় পাঁচ হেজাৰ টকাৰ পৰা সাত হেজাৰ টকালৈ৷ খাৰুপেটীয়াৰ বজাৰত প্ৰতি মাহে কোটী কোটী টকাৰ ৰাসায়নিক সাৰ বিক্ৰী হোৱাটো সাধাৰন কথা ৷ কিন্ত প্ৰতি মাহে প্ৰায় কোটী কোটী টকাৰ গোবৰ সাৰ বিক্ৰী হোৱাটো সচাকৈয়ে ভাবিবলগীয়া বিষয়৷ একাংশ ৰাজনীতিকে খাৰুপেটীয়াৰ পাচলিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিলেও খাৰুপেটীয়াত প্ৰতিমাহে কোটী কোটী টকাৰ গোবৰ সাৰ বিক্ৰী হোৱা কথাটোৱে কৃষকসকলে জৈৱিক সাৰৰ প্ৰতি গুৰুত্ব দিয়া কথাটো প্ৰমান কৰিছে৷ খাৰুপেটীয়াৰ প্ৰায়বোৰ কৃষকে বৰ্তমান জৈৱিক পদ্ধতিত কৃষিকৰ্ম কৰি ৰাজ্যখনত সুনাম অৰ্জন কৰিবলৈ লোৱাত অঞ্চলটোত যথেষ্ট চাহিদা বৃদ্ধি পাইছে গোবৰ সাৰৰ৷ স্থানীয় গোবৰ সাৰ ব্যৱহাৰ কৰাৰ লগতে খেতি পথাৰৰ চাহিদা পূৰনৰ বাবে দূৰ দূৰনিৰ পৰা আনিব লগীয়া হৈছে গোবৰ সাৰ ৷ যাৰ বাবে দৰঙৰ বিভিন্ন স্থানৰ সৈতে কামৰূপ জিলাৰ বাইহাটা, ডুমুনীচকী, বেজেৰা আদি ঠাইৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে গোবৰ আহে খাৰুপেটীয়াত৷ এইখন বজাৰৰ পৰা খেতিপথাৰলৈ লৈ যোৱা হয় গোবৰ সাৰ৷ খেতিপথাৰত ছটিয়াই কৃষকে বহু কষ্টেৰে উৎপাদন কৰে পাচলি৷ তেনে ক্ষেত্ৰত কৃষকৰ ক্ষোভ কৃষি মন্ত্ৰী গৰাকীয়ে বৈজ্ঞানিক ভাৱে প্ৰমান কৰি দেখুৱাওক বেজী প্ৰয়োগ কৰি নিশাটোৰ ভিতৰত কেনেদৰে পাচলি ডাঙৰ কৰিব পাৰে । ৰাজনীতি লাভালাভৰ বাবে হিমন্তই অতি নিকৃষ্ট মানসিকতাৰ পৰিচয় দাঙি ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে কৃষকসকলে । ক্ষূব্ধ কৃষকসকলে বহুবল্কী মন্ত্ৰী হিমন্তক তেওৰ অভিয়োগ প্ৰমাণ কৰি দিবলৈ মুকলিভাৱে প্ৰত্যাহ্বান জনাইছে ।
No comments