Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নিজ দলৰ বিধায়ক অশোক সিংহালক প্ৰত্যাহবান জনাই বিজেপি নেতাই আয়োজন কৰা মহাভোজত হিল- দল ভাঙি আহিল ৰাইজ

  গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি১১জানুৱাৰীঃ  ভোগালীৰ উৰুকাৰ পূৰ্বে ঢেকিয়াজুলিত  মহাভোজৰ আয়োজন ৷কোনে আৰু কিয় পাতিলে এই মহাভোজৰ৷হয়,২০২১ৰ বিধান সভা ...


 গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি১১জানুৱাৰীঃ ভোগালীৰ উৰুকাৰ পূৰ্বে ঢেকিয়াজুলিত  মহাভোজৰ আয়োজন ৷কোনে আৰু কিয় পাতিলে এই মহাভোজৰ৷হয়,২০২১ৰ বিধান সভা নিৰ্বাচনলৈ এতিয়াও প্ৰায় পাচমাহ বাকী৷কিন্তু তাৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে টিকট দাবীদাৰ সকলে ইতিমধ্যে আৰম্ভ কৰি দিছে কুচকাৱাজ৷টিকট অংকৰ বাবে ঢেকিয়াজুলিত বিজেপিত স্পষ্ট বিসম্বাদৰ উকমুকনি উঠিছে ৷ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা দলটোৰ জেষ্ঠ নেতা ঢেকিয়াজুলিৰ টিকট দাবীদাৰ তৰুণ চাহুৱে পাতিলে মহাভোজ৷২১ৰ বিধান সভা নিৰ্বাচনত ঢেকিয়াজুলি সমষ্টিৰ পৰা টিকট বিচাৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ এই জন বিজেপি নেতাই আয়োজন কৰিলে মহাভোজ৷মহাভোজ হিল -দল ভাঙি আহিল ৰাইজ৷ পাচটা চৌকাত মহাভোজৰ বিধে বিধে খাদ্য ৰান্ধিলে ৰান্ধনীয়ে৷দহ সহশ্ৰাধিক লোকৰ বাবে আয়োজন কৰা হৈছিল মহাভোজ ৷কিন্তু পাচ সহশ্ৰাধিক লোকৰ সমাগম হ’ল এই মহাভোজত৷মহাভোজত মাংসৰ পৰা আৰম্ভ কৰি মাছ,পনিৰ ভাত সকলোৱে ৰখা হৈছিল৷শক্তি শালী স্থিতিত থকা বিজেপি বিধায়ক অশোক সিংহালে ঢেকিয়াজুলি সমষ্টিত আগন্তক নিৰ্বাচনত টিকট পোৱাটো প্ৰায় নিশ্চিত হোৱা বুলি চৰ্চা চলি থকাৰ মাজতে অংকত আউল লগাবলৈ সমষ্টিটোৰ টিকট দাবীদাৰ ৰাজ্যিক বিজেপি কাৰ্যনিৰ্বাহক তৰুন চাহুৱে শক্তি প্ৰদৰ্শন কৰিবলৈ আজি সমষ্টিটোৰ হুগ্ৰাজুলিৰ চন্দনাপূৰট বৃহৎ মহাভোজৰ আয়োজন কৰে৷ উল্লেখ্য যে মহাভোজত বিজেপিৰ দলীয় বিষয়বাবত থকা নেতা কৰ্মী এই মহাভোজত নথকাৰ বিপৰীয়ে হিল দল ভাঙি আহিল বহু লোক৷ মহাভোজলৈ অহা সকলে মুকলিকৈ তৰুণ চাহুক আগন্তক নিৰ্বাচনত টিকট দিয়াৰ বাবে দলীয় নেতৃত্বক দাবী জনায়৷ ইপিনে আন একাংশই আকৌ মহাভোজতে বিধায়ক অশোক সিংহাল হাটাও ঢেকিয়াজুলি বাচাও আদিও শ্লোগান দিয়ে৷তাৎপৰ্যপূৰ্ণ যে উক্ত দিনা সমষ্টিটোৰ বিধায়ক অশোক সিংহালে সমষ্টিতে আছিল৷বিধায়ক জন সমষ্টিত থকা সময়তে দলৰ ৰাজ্যিক সদস্যই ২১ৰ টিকট অংকৰ বাবে মহাভোজৰ আয়োজন কৰি এক প্ৰকাৰে সমষ্টিটোত দলীয় বিসম্বাদৰ সৃষ্টি কৰিলে সেয়া নিশ্চিত হৈ পৰিছে৷ এই বিসম্বাদে আগন্তক দিনত কি ৰূপ লয় সেয়াহে লক্ষ্যনীয় হব৷

No comments