এখন বহু প্ৰত্যাশিত চলচিত্ৰ পৰিচালক হিমাংশু প্ৰসাদৰ "গৰু" । হিমাংশু প্ৰসাদ দাসে পূৰ্বৰে পৰাই অসমীয়া প্ৰতিজন দৰ্শকক উৎসাহিত কৰি আ...
এখন বহু প্ৰত্যাশিত চলচিত্ৰ পৰিচালক হিমাংশু প্ৰসাদৰ "গৰু" । হিমাংশু প্ৰসাদ দাসে পূৰ্বৰে পৰাই অসমীয়া প্ৰতিজন দৰ্শকক উৎসাহিত কৰি আহিছে ব্যতিক্ৰমী অগতানুগতিক চিন্তাশৈলীৰে, তেওঁৰ প্ৰতিটো পৰিকল্পনাতেই সচাকৈয়ে দৰ্শকে এক নতুনত্বৰ সোৱাদ পায়। পুনৰ এক নতুনত্বৰ সোৱাদেৰে পুনৰ বাৰ তেওঁ নিজৰ ছবি "গৰু" ক লৈ আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। অাগন্তুক ২৩ জানুৱাৰী তাৰিখৰ পৰা সৰ্বমুঠ এহাজাৰটা দৰ্শনীৰে মুক্তিৰ বাবে সাজু হৈছে নাট্যকাৰ-পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ছবি "গৰু"। "কা" আৰু ক'ৰোণাৰ সৈতে সাধাৰণজনৰ দৰেই যুঁজ দিছে অসমীয়া ছবি "গৰু" ৱে। কাৰণ উক্ত দুয়োটা সময়তে মুক্তিৰ বাবে প্ৰবল উৎসাহেৰে সাজু হৈ থকা এই ছবিখনে পিছ হুহুঁকি আহিবলগীয়া হৈছিল কিন্তু এতিয়া এই আটাইবোৰ পৰিস্থিতি, সন্ত্ৰাসগ্ৰস্ত সময় তথা স্তব্ধতাৰ মাজৰ পৰা ওলাই আহি উক্ত ছবিখনে সচৰাচৰ "ব্লকব্লাষ্টাৰ" অসমীয়া ছবিৰ ডেৰশ-দুশ দৰ্শনীৰে নহয়; আহিছে মুঠ এহাজাৰটা দৰ্শনীৰ সৈতে। পৰিচালক হিমাংশু প্ৰসাদ দাস নিজেও ছবিখনক লৈ অত্যন্ত উৎসাহী কিয়নো ছবিখনৰ নাম অথবা ইয়াৰ বিষয়বস্তুৱে সম্প্ৰতি নৱপ্ৰজন্ম আৰু পৰিস্থিতিক উপস্থাপনৰ লগতে ই ভালকৈ যে জনসাধাৰণক সংযোগ কৰিব পাৰিব তাক লৈ তেওঁ বিশ্বাসী। ২৩ তাৰিখৰ পৰা সমগ্ৰ অসমৰ চুকে-কোণে "গৰু" ক দৰ্শকে চোৱাৰ ব্যৱস্থা কৰিছে ।
No comments