Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মোৰাঝাৰত কংগ্ৰেছৰ সভাত প্ৰচণ্ড মাৰপিট, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সন্মুখত হাতে হাতে লাঠি, চিয়াৰ লৈ দুই ফৈদৰ মাজত ভয়ংকৰ যুদ্ধ

  গনবাৰ্তা, হোজাই, ডবকা, মোৰাঝাৰ ৮ জানুৱাৰী :হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ বজাৰত বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আজ...

 


গনবাৰ্তা, হোজাই, ডবকা, মোৰাঝাৰ ৮ জানুৱাৰী :হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ বজাৰত বিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আজি বিয়লিৰ ভাগত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰ ৰাজহুৱা সভাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।আজি দিনৰ দুই বজাত ডবকা বুঢ়ীগংগাৰ ওপৰত এখন দলংৰ আধাৰশিলা স্থাপন কৰি পোনে পোনে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে  মোৰাঝাৰ বজাৰত অনুষ্ঠিত হোৱা দলীয় সভাখনত  উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। আদৰনি সভা চলি থকাৰ সময়তেই সাংসদ গৰাকীৰ সন্মুখতে যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ দুই ফৈদৰ মাজত সংঘটিত হয় এক চাঞ্চল্যকৰ মাৰপিটৰ ঘটনা। কোনোবাই যদি ঘোচা মাৰিছে আন কোনোবাই আকৌ সভাৰ চকী লৈ মাৰিছে।আন কোনোবাই মাৰিছে লাঠিৰে, প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ ফলত এজন লোক গুৰুত্বৰ বাবে আহত হোৱাৰ লগতে কেবাজন সামান্য ভাৱে আঘাত প্ৰাপ্ত হয়।উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনৰ পিছৰে পৰা যমুনামুখ কংগ্ৰেছৰ দলীয় কৰ্মী দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছিল। বিগত পঞ্চায়ত নিৰ্বাচনত যমুনামুখ সমষ্টিৰ চাৰিওটা জিলা পৰিষদ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছিল আৰু নৱগঠিত হোজাই জিলা পৰিষদৰ সভানেত্ৰী হৈছিল মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা।  কংগ্ৰেছে দখল কৰা হোজাই জিলা পৰিষদ গঠনৰ মাত্ৰ ছমাহ সম্পূৰ্ণ নহৌতে প্ৰাক্তন বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনৰ ঘনিষ্ঠ সম্পৰ্ক থকা ডবকা আৰু নীলবাগান জিলা পৰিষদৰ সদস্য দুজনে বিজেপি দলত যোগদান কৰাত কংগ্ৰেছৰ দখলত থকা হোজাই জিলা পৰিষদ খন ভঙ্গ হয় আৰু বিজেপিয়ে হোজাই জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াকে লৈ যমুনামুখ সমষ্টিৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিনৰ বিৰুদ্ধে কংগ্ৰেছ একাংশ নেতা কৰ্মী সকল দুটা ভাগত বিভক্ত হৈ আছিল আৰু আজিৰ সভাত কংগ্ৰেছ কৰ্মী সকলৰ ক্ষোভ উজাৰিলে ৰেহান উদ্দিনৰ বিৰুদ্ধে। কংগ্ৰেছৰ দখলত থকা হোজাই জিলা পৰিষদ ভঙ্গ হোৱাৰ পিছত ৰেহান উদ্দিনক ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰাও বৰ্খাস্ত কৰিছিল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই। কিন্তু আজি বিন্নাকান্দি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিনক সভাত ভাষণ দিবলৈ থিয় হোৱাত মোৰাঝাৰ আৰু চৌধুৰী বজাৰ জিলা পৰিষদৰ এলেকাৰ কংগ্ৰেছ কৰ্মী সকলে ৰেহান উদ্দিন মুৰ্দাবাদ, বিজেপিৰ এজেণ্ট ৰেহান উদ্দিন গʼবেক, আদি শ্লোগান দি ৰেহান উদ্দিনৰ হাতৰ পৰা মাইক্ৰফন কাঢ়ি নিয়াৰ ফলত উত্তাল পৰিবেশৰ সৃষ্টি হয় সভাস্থলি। লগেলগে লাগে দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট লণ্ডভণ্ড হয় সভাস্থলি।সভাৰ ৰুদ্ৰমুৰ্তি দেখি লগেলগে সভাস্থলিৰ পৰা প্ৰস্থান কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। মোৰাঝাৰ জিলা পৰিষদৰ সদস্যা ৰেজিয়া চুলতানা আৰু চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামাল উদ্দিনে সাংবাদিকৰ আগত এইদৰে কয়, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেহান উদ্দিনক বিজেপিৰ এজেণ্ট তেখেতে বিজেপিৰ হৈ কাম কৰি আছে।ৰেহান উদ্দিনৰ নেতৃত্বত দুজন জিলা পৰিষদৰ সদস্য বিজেপিত যোগদান কৰিছে, ৰেহান উদ্দিনৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰে দুয়োগৰাকী জিলা পৰিষদৰ সদস্যই।আনহাতে প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘূ কোষৰ সাধাৰণ সম্পাদক ৰেহান উদ্দিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে হোজাইৰ বিধায়ক শিলাদিত্যৰ একাংশ চামচা, এজন মন্ত্ৰীৰ দালাল আৰু একাংশ ৰাজনৈতিক দলৰ এটা চক্ৰই এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে। মোৰাঝাৰ বাসীৰ ৰাইজৰ প্ৰৱল দাবীত আজি মোৰাঝাৰত এই দলীয় সভা অনুষ্ঠিত কৰা হৈছিল। এই দুষ্ট চক্ৰটোৱে সভাখন বানচাল কৰাৰ লগতে সাংসদ গৰাকীক আজি অপমান কৰিলে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰেহান উদ্দিনে। আজিৰ এই ঘটনাই বাতৰি লিখা লৈকৈ চেপা উত্তেজনা বিৰাজ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

No comments