Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মৰিয়নীৰ নাগাজাংকাৰ কাঠনিৰ মাজত উদ্ধাৰ গুলীবিদ্ধ কিশোৰৰ মৃতদেহ

গণ বাৰ্তা, নকছাৰি, ৩ জানুৱাৰী :  শনিবাৰে মৰিয়নী থানাৰ অন্তৰ্গত মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ এখন হাবিৰ মাজত দুৰ্গম স্থানত নিশা গুলীবিদ...



গণ বাৰ্তা, নকছাৰি, ৩ জানুৱাৰী :  শনিবাৰে মৰিয়নী থানাৰ অন্তৰ্গত মৰিয়নীৰ নাগাজাংকা চাহ বাগিচাৰ সমীপৰ এখন হাবিৰ মাজত দুৰ্গম স্থানত নিশা গুলীবিদ্ধ এটা কিশোৰৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে মৰিয়নীত। নিশাই মৰিয়নীৰ আৰক্ষী উপস্থিত হয় প্ৰাথমিক অনুসন্ধানত গুলীবিদ্ধ মৃতদেহটো নাগাজাংকা চাহ বাগিচাৰ বৰ লাইনৰ অনিৰম ফুলমালী আৰু জতি ফুলমালীৰ পুত্ৰ উত্তম ফুলমালী বুলি চিনাক্ত কৰা হৈছে ৷ শনিবাৰে বিয়লি ভাগলৈকে নিজৰ ঘৰত থকা উত্তমক কোনো দুৰ্বৃত্তই পাছ ফালৰ পৰা পিঠিত গুলীয়াই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।উত্তম ফুলমালী বিয়লি ২ মান বজাৰ পৰা নিৰুদ্দেশ হৈ থকাত মাতৃয়ে বাগিচাৰ আন কোনো লোকৰ ঘৰত কিবা কামত আছে বুলি ভাবি আছিল যদিও সন্ধিয়া লৈ কোনো খা-খৱৰ নোপোৱাৰ বাবে উত্তমৰ সন্ধানত কোনো সুফল নোপোৱাৰ বাবে চুবুৰীয়াৰ যুৱক সকলৰ সহায় লয় মাতৃয়ে ৷ স্থানীয় যুৱক সকলে উত্তমৰ বাসগৃহৰ পৰা কিছু নিলগত থকা এখন হাবিৰ মাজত নিশা প্ৰায় ৮ মান বজাত তলমূৰ কৰি পৰি থকা অৱস্থাত মৃতদেহটো সন্ধান উলিয়াই৷ মৃত কিশোৰ গৰাকীৰ পিঠিৰ বাও ফালে গুলীয়ে ভেদ কৰি যোৱা দেখিবলৈ পাই  আৰক্ষীক খৱৰ দিয়ে প্ৰত্যক্ষদৰ্শীয়ে। ঘটনাস্থলীত মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰা নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰা লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে ঘটনাৰ তদন্ত নিশাই আৰম্ভ কৰা মৰিয়নী আৰক্ষীয়ে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল,তিতাবৰ মহকুমা আৰক্ষী বিষয়া নিতুমণি দাসে অভিযান চলায় এটা হস্তনিৰ্মিত বন্ধুক উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয় ৷  আৰক্ষীয়ে  এই সন্দৰ্ভত কোনো কথা সঠিককৈ জানিবলৈ দিয়া নাই তথাপিও এই সমগ্ৰ ঘটনা  এটা হত্যাকাণ্ড বুলি প্ৰকাশ কৰিছে ৷ আৰু এই ঘটনাৰ লগত কোনো বিদ্ৰোহী সংগঠনৰ সদস্য নতুবা লিংকমেন জড়িত নহয়, আন এক ৰহস্য আছে বুলি মাত্ৰ প্ৰকাশ কৰি অনাগত কম সময়ৰ ভিতৰতে হত্যাকাৰী আৰক্ষীৰ জালত পৰিব   বুলি প্ৰকাশ কৰে৷  ( সপোন ৰহমান শইকীয়া নকছাৰি  )

No comments