গণবাৰ্তা ,বেচামাৰি ০৫ জানুৱাৰী : আজিও যেন পাহৰিব পৰা নাই তৰুণ গগৈ দ্বিতীয় ঘৰৰ পৰিয়ালৰ লোকে৷ ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ সদায় ধিং সমষ্টিখ...
গণবাৰ্তা ,বেচামাৰি ০৫ জানুৱাৰী : আজিও যেন পাহৰিব পৰা নাই তৰুণ গগৈ দ্বিতীয় ঘৰৰ পৰিয়ালৰ লোকে৷ ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ সদায় ধিং সমষ্টিখনত গগৈয়ে উপস্হিত হৈয়েই কৈ গৈছিল এই সমষ্টিখন মোৰ দ্বিতীয় ঘৰ৷ ভ্ৰাতৃ দ্বীপ গগৈ সহ নিজৰ পুত্ৰৰ ৰাজনৈতিক কেৰিয়াৰ এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল এই ধিং সমষ্টিবাসীয়ে৷ মনত আৱেগ আৰু কষ্টলৈ নতুন বছৰটোতে গগৈৰ কংগ্ৰেছী পৰিয়াল একেলগ হল মৰিগাওৰ মৈৰাবাৰীত৷ বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰা সহ আজিৰ মৈৰাবাৰীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্হিত থাকে কংগ্ৰেছ দলৰ বহু ধিং সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা ক্ৰমে হাইদৰ আলী,নুৰুল হুদা, আনোৱাৰ হুছেইন আৰু মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি শ্বৰিফ উদ্দিন৷ কীৰ্তনৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনত ধিং সমষ্টিৰ কংগ্ৰেছৰ দলৰ বিভিন্ন পঞ্চায়ত প্ৰতিনিধি সকলৰ সৈতে সক্ৰিয় হাজাৰো অধিক কৰ্মীৰ অশ্ৰুসিক্ত নয়নৰে এক শোকাকুল পৰিৱেশৰ মাজেৰে অনুষ্ঠানখনত সমাগম হোৱা পৰিলক্ষিত হল৷ আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনত প্ৰাক্তন বিধায়ক গৌতম বৰা দেৱে তৰুণ গগৈ জীৱনৰ ৰাজনৈতিক আদৰ্শ আৰু কৰ্মক্ষেত্ৰৰ ওপৰতো এক বিশদ বৰ্ণনা দাঙি ধৰে৷
No comments