গণ বাৰ্তা, বেতবাৰী ১১ জানুৱাৰীঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শিৱসাগৰৰ উদ্যোগত শিৱসাগৰ উন...
গণ বাৰ্তা, বেতবাৰী ১১ জানুৱাৰীঃ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান শিৱসাগৰৰ উদ্যোগত শিৱসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চৰত্ন মণ্ডল পৰ্যায় সংগঠন আৰু চেৰেকাপাৰ, খেলুৱা, লাচিত, হাঁহচৰা আৰু বেতবাৰী পঞ্চায়তৰ অন্তৰ্গত মুঠ ৮১ টা মহিলা আত্মসহায়ক গোটে চেৰেকাপাৰ শনিবৰীয়া বজাৰ গৃহত প্ৰথম বাৰ্ষিক ভোগালী মেলাৰ আয়োজন কৰে ৷ মহিলা সকলে আয়োজন কৰা ভোগালী মেলাত মহিলা আত্মসহায়ক গোট সমূহে ঘৰতে প্ৰস্তুত কৰা পিঠা-পনা, সান্দহ, পিঠাগুৰি, দৈ, তিল, নাৰিকলেৰে প্ৰস্তুত কৰা পিঠা, মিঠাই, বিভিন্ন প্ৰকাৰৰ ফল-মূলৰ আচাৰ, শাক-পাচলি আদিৰে দুদিনীয়াকৈ গোট সমূহৰ মহিলা বিক্ৰেতা সকলে মহিলা আত্মসহায়ক গোট সমূহৰ দ্বাৰা বিপনী সমূহ মুকলি কৰে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলা আত্মসহায়ক গোট সমূহৰ দ্বাৰা লোৱা এই পদক্ষেপ হাতত লয় ৷ উল্লেখ্য যে বিপনী সমূহত স্থানীয় গ্ৰাহকৰ লগতে সাধাৰন ৰাইজৰো ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হোৱাৰ লগতে, যি সময়ত বহিৰাগত আৰু ভেজাল সামগ্ৰীৰে বজাৰ ভৰি পৰিছে তেনে সময়তে থলুৱা খাদ্য সামগ্ৰী আৰু উৎপাদনেৰে মহিলা সকল আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন আন মহিলা সকলকো উৎসাহিত কৰাৰ প্ৰচেষ্টাক গ্ৰাহক তথা ৰাইজে সলাগ লয় ৷ এই ভোগালী মেলাখন কালিলৈ অৰ্থাৎ ১২ জানুৱাৰীত সামৰনি পৰিব বুলি আয়োজক সমিতিৰ সভানেত্ৰী মনমী শইকীয়া বৰুৱাই সাংবাদিকৰ আগত জানিবলৈ দিছে ৷
No comments