গণবাৰ্তা দলগাও , ২৫ জানুৱাৰী: খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ আলীয়ে প্ৰণালীবদ্ধ ভাবে জৈৱিক পদ্ধতিৰে ২৪ বিঘা মাটিত উন্নত জাতৰ আপে...
গণবাৰ্তা দলগাও , ২৫ জানুৱাৰী: খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰিপ আলীয়ে প্ৰণালীবদ্ধ ভাবে জৈৱিক পদ্ধতিৰে ২৪ বিঘা মাটিত উন্নত জাতৰ আপেল বগৰী ,মালটা, ড্ৰেগন ফ্ৰুটচ , কাষ্টাৰ্ড আপেলকে ধৰি ৯ -১০ বিধ ফলৰ খেতিৰ লগতে জৈৱিক পদ্ধতিৰে পাচলিৰ খেতি কৰি ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হয় । কৃষক গৰাকীয়ে বিভিন্ন ধৰণৰ ফল মূলৰ লগতে কেপছিকাম , ছামাৰ স্বোৱাচ আদি ব্যতিক্ৰমী খেতি কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত তিনিটাকৈ বটা আজুৰি আনিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা ২০২১। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শস্য মেলাত ৩৩ খন জিলাৰ কৃষকে অংশ গ্ৰহণ কৰে । কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ বহি ৰাষ্ট্ৰৰ লোক উপস্থিত থকা ৰাষ্ট্ৰীয় মেলাত দৰঙৰ কৃষকে লাভ কৰে সাতটাকৈ বটা । ইয়াৰে তিনিটা বটা আজুৰি আনিবলৈ সক্ষম হয় খাৰুপেটীয়াৰ খগজানী গাঁৱৰ কৃষক জৰীপ আলিয়ে । কৃষক গৰাকীয়ে কেপছিকাম , ছামাৰ স্বোৱাচ আৰু আপেল বগৰীত খেতিৰ বাবে লাভ কৰে তিনিটাকৈ বটা । এই গৰাকী কৃষকে ব্যতিক্ৰমী খেতি কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তিনিটাকৈ বটা লাভ কৰি দৰঙৰ লগতে খাৰুপেটীয়াৰ কৃষকলৈ গৌৰব কঢ়িয়াই আনে ।
No comments