জয়ন্ত বৰা, বঢ়মপুৰ, ২২ জানুৱাৰী : নগাঁও জিলা আৰক্ষী প্ৰশাসন ও গাঁওৰক্ষী বাহিনীৰ সহযোগত শুকুৰবাৰে নগাঁও আৰক্ষী চাউনীত দিনযোৰা কাৰ্য্যসূচীৰে ৭২...
জয়ন্ত বৰা, বঢ়মপুৰ, ২২ জানুৱাৰী : নগাঁও জিলা আৰক্ষী প্ৰশাসন ও গাঁওৰক্ষী বাহিনীৰ সহযোগত শুকুৰবাৰে নগাঁও আৰক্ষী চাউনীত দিনযোৰা কাৰ্য্যসূচীৰে ৭২ সংখ্যক গাঁওৰক্ষী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে কলিয়াবৰ মহকুমা গাঁওৰক্ষী সংগঠনৰ উপদেষ্টা হৰেকৃষ্ণ মাহাতোৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি গাঁওৰক্ষী বাহিনীসমূহে বিভিন্ন সময়ত আৰক্ষীক সহযোগিতা কৰি অহাৰ লগতে গ্ৰামাঞ্চলসমূহত সৰ্বসাধাৰণ লোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে মন্তব্য কৰে। সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা, উপ-আৰক্ষী অধীক্ষক ক্ৰমে অনিতা হাজৰিকা, কল্যাণ দাস, নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া অশোক দত্ত, নগাঁও মহকুমা গাঁওৰক্ষী সংগঠনৰ উপদেষ্টা তৰুণ নামনি ৰাজ, নগাঁও সদৰ থানাৰ চক্ৰ সংগঠক তুলসী প্ৰসাদ কাকতি, নগাঁও সদৰ থানা সমিতিৰ গাঁওৰক্ষী বাহিনীসমূহৰ সভাপতি কমলাকান্ত বৰা প্ৰমুখ্যে বিভিন্নজনে ভাষণ প্ৰসংগত গাঁওৰক্ষী বাহিনীসমূহে পালন কৰি অহা কাম-কাজৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে। নগাঁও জিলাৰ বিভিন্ন থানাৰ চক্ৰ সংগঠকসকল, গাঁওৰক্ষী বাহিনীৰ লোককে ধৰি কেইবা শতাধিক লোক উপস্থিত থকা উক্ত সভাত গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও কেইবাজনেও বক্তব্য আগবঢ়ায়। উক্ত সভাতে পঞ্চমবাৰৰ বাবে নগাঁও জিলাৰ ভিতৰত শ্রেষ্ঠ চক্ৰ সংগঠক হিচাপে নগাঁও সদৰ থানাৰ চক্ৰ সংগঠক তুলসী প্ৰসাদ কাকতি, নগাঁও জিলাৰ শ্রেষ্ঠ গাঁওৰক্ষী বাহিনী হিচাপে ৰৌমাৰী বেলতলী মহিলা গাঁওৰক্ষী বাহিনীকে ধৰি বিভিন্ন ক্ষেত্ৰত সফলতা অর্জন কৰা গাঁওৰক্ষী বাহিনীৰ লোকক আদৰণি জনোৱা হয়। ইয়াৰ পূৰ্বে পুৱা ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপে।সভাৰ অন্তত জিলাখনৰ গাঁওৰক্ষী বাহিনীসমূহৰ মাজত ৰচীটনা খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাত ৰূপহী থানাৰ গাঁওৰক্ষী বাহিনীৰ দল প্ৰথম আৰু নগাঁও সদৰ থানাৰ গাঁওৰক্ষী বাহিনীৰ দলে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।
No comments