হামিদ আলী ,ঘগ্ৰাপাৰ ১৭ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগাঁও ( দক্ষিণগাঁও) স্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজৰ নিৰ...
হামিদ আলী ,ঘগ্ৰাপাৰ ১৭ জানুৱাৰী: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়িগাঁও ( দক্ষিণগাঁও) স্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্যৰ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আকস্মিকভাৱে পৰিদৰ্শন কৰি মেডিকেল কলেজখনৰ নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকশ্বনৰ বিষয়ববীৰ সৈতে এক বৈঠকত মিলিত হৈ অগ্ৰগতিৰ বুজ লয় । পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যম কয় যে নলবাৰী মেডিকেল কলেজ নিৰ্মাণ কাৰ্য বৰ্তমান অগ্ৰগতি ৫৫% হোৱাৰ বিপৰীতে ১৬৭ কোটি খৰছ হোৱাৰ কথা সদৰী কৰে । লগতে মন্ত্ৰী ড° শৰ্মাই ২০২১ চনৰ ডিচেম্বৰ মাহত বহিঃ বিভাগ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ উপৰিও ২০২২ চনৰ প্ৰথম ভাগত সম্পূৰ্ণ মেডিকেল কলেজ মুকলি হ'ব বুলি সদৰী কৰে । লগতে মন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে ২০২২ চনৰ অক্টোবৰ -নৱেম্বৰত MCIR নিমন্ত্ৰণ জনাই ২০২৩ চনত প্ৰথম বৰ্ষৰ ছাত্ৰ -ছাত্ৰী নামভৰ্তি কৰিব পাৰিব বুলি ঘোষণা কৰে।ইফালে মন্ত্ৰীগৰাকীয়ে ক'ৰোনা ভেকচিন যিয়ে যেনেকৈ পায় সেই ঠাইতে লৱলৈ আহ্বান জনায়। মন্ত্ৰীৰ আজি এই পৰিদৰ্শন কালত সংগ দিয়ে সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী ভৱেশ কলিতা,নলবাৰীৰ বিধায়ক অশোক শৰ্মা,ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱাই । মেডিকেল কলেজ পৰিদৰ্শনৰ পুৰ্বে মন্ত্ৰী ড° শৰ্মাই অহা ২৪ জানুৱাৰীত নলবাৰীত অনুষ্ঠিত হবলগীয়া তথা গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিবলগীয়া বিজয় সংকল্প সভাখনৰ অগ্ৰগতিৰ বুজ লয় ।
No comments