Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাতীয় সংগীত উৰ্দু ভাষালৈ অনুবাদ কৰা বিশ্বনাথৰ জমিৰ আহমেদক কবি সন্মিলনৰ সমাজ হিতৈষী উপাধি প্ৰদান

  গণ বাৰ্তা, বৰগাং, ১জানুৱাৰী: অসমৰ সাহিত্য-সংস্কৃতিৰ জগতলৈ বিভিন্ন অৱদানেৰে চহকী কৰা বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী তথা কবি জমিৰ আহমেদক অসম কব...


 গণ বাৰ্তা, বৰগাং, ১জানুৱাৰী: অসমৰ সাহিত্য-সংস্কৃতিৰ জগতলৈ বিভিন্ন অৱদানেৰে চহকী কৰা বিশ্বনাথৰ বিশিষ্ট সমাজকৰ্মী তথা কবি জমিৰ আহমেদক অসম কবি সন্মিলনে 'সমাজ হিতৈষী'  উপাধি প্ৰদান কৰিছে। অসম কবি সন্মিলনৰ ষষ্ঠদশ অধিবেশনৰ  লগত সংগতি ৰাখি যোৱা ১২ ডিচেম্বৰ তাৰিখে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা  অসম কবি সন্মিলনৰ সাধাৰণ সভাই সমাজ হিতৈষী উপাধিৰ বাবে বিশ্বনাথৰ জমিৰ আহমেদক নিৰ্বাচিত  কৰাত বিভিন্ন দল-সংগঠনৰ লগতে আমছুৰ ছাইফুদ্দিন আহমেদ,  কুদ্দুছ  আলি সৰকাৰ, ছফিকুল ইছলাম, মাহমুদুল হাচান ফকীৰ আলি , অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ফৰহাদুৰ ৰহমান,  আব্দুল হাকিম চিকদাৰ, নাজিৰ আহমেদ, নেমছুৰ  মুস্তাক  হুছেইন, মহিবুৰ ৰহমান, বিশ্বনাথ চাৰিআলি মুছলিম সমাজৰ সভাপতি  আলহাজ চুলতান আহমেদ, উপ-সভাপতি ছামচুদ্দিন হক,আব্দুল হক চিকদাৰ,আব্দুল বাৰেক বেপাৰীকে ধৰি কেইবাটাও দল-সংগঠনে কবি গৰাকীৰ  এনে সাফল্যৰ বাবে ফুলাম গামোচা,  জাপি আৰু মানপত্ৰৰে অভিনন্দন কৰাৰ লগতে আগন্তুক সময়ত সাহিত্য জগতলৈ নিৰৱচ্ছিন্ন ভাৱে  অৱদান আগবঢ়োৱাৰ বাবে আহবান জনায়।


No comments