Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতা; "নিংনি" নাটকেৰে নলবাৰীৰ "প্ৰজন্ম" নাট্য দল নিৰ্বাচিত

জানুৱাৰী ১১ জানুৱাৰী :  নলবাৰীৰ "প্ৰজন্ম" নাট্য দলে "নিংনি" নাটকৰ বাবে ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ...


জানুৱাৰী ১১ জানুৱাৰী :  নলবাৰীৰ "প্ৰজন্ম" নাট্য দলে "নিংনি" নাটকৰ বাবে ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰিছে। ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত যোৱা ৯ আৰু ১০ জানুৱাৰীত ২৪তম সদৌ অসম জংগম একাংক নাট প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায় । ৯ জানুৱাৰীৰ ৰাতিপুৱা সভাপতি ভাৰত গোস্বামীয়ে জংগমৰ পতাকা উত্তোলনেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছতে বৃক্ষৰোপন কৰে সমাজকৰ্মী দেৱজিৎ কলিতাই । ৯ জানুৱাৰীৰ সন্ধিয়া ৫-৩০ বজাত শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে বন্তি প্ৰজ্বলন কৰে চলচিত্ৰ পৰিচালিকা ৰীমা দাসে আৰু মূখপত্ৰ "জংগম" উন্মোচন কৰে ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰাজু বৰদলৈয়ে। আনহাতে সেইদিনা সন্ধিয়া প্ৰথমদিনাৰ নাট প্ৰতিযোগিতা উদ্বোধন কৰে অসীম কৃষ্ণ বৰুৱাই। আনহাতে অন্তিম দিনা নাট প্ৰতিযোগিতা উদ্বোধন কৰে ৰাভা হাছং শ্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই । লগতে সাংস্কৃতিক মঞ্চ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত  থাকে ছয়গাঁও সমষ্টি স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদে । প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি নলবাৰীৰ "প্ৰজন্ম " নাট্য দলে নিংনি নাটকৰ বাবে শ্ৰেষ্ঠ নাট্য দলৰ সন্মান লাভ কৰাৰ লগতে বিস্ফোৰণ নাটকৰ বাবে পাঠশালাৰ "নাট মণ্ডলক" দ্বিতীয় শ্ৰেষ্ঠ নাট্য আৰু যাদুকৰ নাটকৰ বাবে "বোকাখাট নাট মন্দিৰে" তৃতীয় শ্ৰেষ্ঠ নাট্য দলৰ পুৰস্কাৰ লাভ কৰিছে । নিংনি নাটকৰ দিগন্ত চৰিত্ৰত অভিনয় কৰা দিগন্ত ভৰালীক শ্ৰেষ্ঠ অভিনেতা আৰু জোনটি ওলালে তৰাটি ওলাব নাটকৰ পৰী চৰিত্ৰত অভিনয় কৰা অদিষ্ণা ৰাজবংশীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে । জোনটি ওলালে তৰাটি ওলাব নাটৰ ৰাহুলৰ চৰিত্ৰত অভিনয় কৰা শ্যামল চমুৱাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত‍া আৰু জিন্দেগী ডট কম নাটকত অনুৰুপা দুৱ‍ৰাৰ চৰিত্ৰত অভিনয় কৰা বৰ্ণালী দেৱী দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে । আনহাতে, নলবাৰীৰ প্ৰজন্ম নাট্য দলৰ নিংনি নাটকৰ পৰিচালক কিশোৰ চক্ৰৱৰ্তীয়ে শ্ৰেষ্ঠ পৰিচালৰ সন্মান লাভ কৰিছে । বিস্ফোৰণ নাটকৰ নাট্যকাৰ নিতুল কুমাৰ মেধীক শ্ৰেষ্ঠ পাণ্ডুলিপিৰ পুৰস্কাৰ লাভ কৰিছে । শ্ৰেষ্ঠ শিশু শিল্পীৰ সন্মান লাভ কৰিছে যাদুকৰ নাটকৰ পাহি চৰিত্ৰত অভিনয় কৰা নিকিতা বৰাই । শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰিছে মৰিগাঁৱৰ সমলয় নাট্য দলৰ বান্দৰ এক ওভোটনী যাত্ৰা নাটকত কলীয়াৰ চৰিত্ৰত অভিনয় কৰা ৰমেন কলিতাই । তদুপৰি শ্ৰেষ্ঠ মঞ্চ সজ্জাৰ বটা লাভ কৰে গুৱাহাটীৰ নিৰ্বান নাট্য গোষ্টিৰ কা কা কাউৰীৰ নিশিৰঞ্জন কে মল্লিকাই । ছয়গাঁও ৰেঙণিৰ বিলাপ বন্দনা নাটকৰ প্ৰদীপ কলিতাই শ্ৰেষ্ঠ আৱহ সংগীতৰ বটা লাভ কৰিছে ।তদুপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰে উপৰহালীৰ চাইক্লোৰমা দি থিয়েটাৰ দলে । অন্তিম দিনা প্ৰতিযোগিতাৰ শেষত পুৰস্কাৰ সমূহ বিতৰণ কৰে।

No comments