Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নতুন আঞ্চলিক ৰাজনৈতিক দল কংগ্ৰেছ-বদৰুদ্দিনৰ সৃষ্টি - অতুল বৰা

  ১৯ জানুৱাৰী, অভয়াপুৰীঃ ''অসমত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহ কংগ্ৰেছ, এ আই ইউ ডিফৰ সৃষ্টি। ৰাইজৰ দল অগপ ক ক্ষতি কৰাৰ উদ্...

 


১৯ জানুৱাৰী,অভয়াপুৰীঃ ''অসমত নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহ কংগ্ৰেছ, এ আই ইউ ডিফৰ সৃষ্টি। ৰাইজৰ দল অগপ ক ক্ষতি কৰাৰ উদ্দেশ্যে এই দলবোৰৰ সৃষ্টি কৰিছে।'' অভয়াপুৰীত আজি অনুষ্ঠিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত এই মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই। অসম গণ পৰিষদক দুৰ্বল কৰিবৰ বাবে, অগপক দুৰ্নাম দি এই দলসমূহ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰি বৰাই কয় যে কংগ্ৰেছ, এই আই ইউ ডি এফ  দল সুবিধাবাদীৰ দল, এওলোকে দিনত যদি কাৰোবাক মুৰ্দাবাদ দিয়ে আৰু ৰাতি আকৌ সেইজনকে জিন্দাবাদ দিয়ে। ভাষনত বৰাই আৰু কয় যে ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত  ৮৫৫ জন শ্বহীদ হৈছিল আৰু হেজাৰ হেজাৰ জন ঘূণীয়া হৈছিল। যাৰ পৰিণতিত ৰাইজে গঠন কৰিছিল অসম গন পৰিষদ দল । সেইসময়ৰ কংগ্ৰেছ চৰকাৰে আন্দোলনকাৰীসকলক  হত্যা কৰিছিল, ঘূণীয়া কৰিছিল। পিছত অসমবাসীৰ দাবীৰ ওচৰত নতি স্বীকাৰ কৰি কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আন্দোলনকাৰী নেতৃত্বৰ সৈতে চুক্তি কৰিবলৈ বাধ্য হল যদিও সেই চুক্তি ৰূপায়নৰ কোনো ব্যৱস্থা নকৰিলে। অগপৰ সভাপতি বৰাই ভাষন প্ৰসংগত কয় যে অসম গণ পৰিষদ এটা সাৰ্বজনীন দল ,এই দল ধৰ্মনিৰপেক্ষ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। এই আদৰ্শত দলে কেতিয়াও চেকা লাগিব নিদিয়ে। ৰাজ্যৰ চৰাঞ্চলৰ জনসাধাৰণক উদ্দেশ্যি বৰাই আৰু কয় যে বিগত সময়ছোৱাত তেওলোকে কংগ্ৰেছ আৰু এ আই ইউ ডিফক ভোট দি আহিছে যদিও চৰ অঞ্চলত আজিও কোনোধৰনৰ সুবিধা নাই। চৰ অঞ্চলত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰো অধিক , কিন্তু কংগ্ৰেছ ,ইউ ডি এফে এই সমস্যাৰ সমাধানৰ চেষ্টাই নকৰিলে। আগন্তুক নিৰ্বাচনত অসমবাসী ৰাইজে হাতে হাতে হাতুৰী লৈ বদৰুদ্দিনৰ তলা ভাঙি পেলাব লাগিব আৰু কংগ্ৰেছৰ ' কটাহাত' দলিয়াই পেলাব লাগিব বুলিও তেও মন্তব্য কৰে। অগপ দলেহে সংখ্যালঘু লোকক  নিৰাপত্তা, উন্নয়ন, সমমৰ্যদা দিয়ে আৰু দি থাকিব। কিছুমান লোকে অগপৰ সভাত মানুহ হোৱা নেদেখে এনেলোক কুকুৰীকণা বুলি উল্লেখ কৰি বৰাই কয় যে সমাগত নিৰ্বাচনত আমি যতেই প্ৰতিদ্বন্দিতা কৰিম তাতেই বিপুল ভোটত জয়ী হম । আমাক কোনো শক্তিয়েই প্ৰতিহত কৰিব নোৱাৰে। দলৰ সাধাৰণ সম্পাদক তথা উত্তৰ শালমাৰা জিলাৰ সভাপতি ভূপেন ৰায়ে আতধৰা সমাৰোহৰ অংশগ্ৰহণ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে অসম গণ পৰিষদে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ অসম খনক আগবঢ়াই নিব । সকলোৱে অসম গণ পৰিষদৰ ওপৰত আস্থা ৰাখক। অসমৰ সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা অগপইহে দিব পাৰিব।  কমতাপুৰৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে কমতাপুৰৰ বাবে বহু আন্দোলন হৈছিল । মিত্ৰদলৰ চৰকাৰ হোৱাৰ পিছত ফনীভূষন চৌধুৰীৰ বিশেষ উদ্যোগত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ দিয়া হৈছে। এই কমতাপুৰক লৈ কোনেও শংকা কৰিব নালাগে। নতুন ৰাজনৈতিক দল সমূহে কোতো জিকিব নোৱাৰি, কিন্তু তেওলোকে কংগ্ৰেছ - ইউ ডি এফক সহায় কৰিব খুজিছে বুলি উল্লেখ কৰি মহন্তই কয় , এই অভিপ্ৰায় আমি সফল হব নিদিও, এই সংকল্প সকলোৱে লব লাগিব।  সমাৰোহত অংশগ্ৰহণ কৰা দলটোৰ জেষ্ঠ নেতা ফনীভূষন চৌধুৰীয়ে কয় যে ৰাজ্যত বিজেপি - অগপৰ কোনো প্ৰতিদ্বন্দীয়েই নাই । আসন বাটোৱাৰা সম্পৰ্কত মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে যিটো সমষ্টিত যি দলৰ সমৰ্থন বেছি থাকিব সেইটো দলেই নিৰ্বাচনত অৱতীৰ্ন হব বুলি প্ৰকাশ কৰে । অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান সভা সমষ্টিত পুনৰ অগপ দলৰ প্ৰাৰ্থী অৱতীৰ্ণ হব বুলিও জেষ্ঠ নেতাজনে মন্তব্য দিয়ে। অগপৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান পৰিষদৰ সৌজন্যত অভয়াপুৰী গান্ধীময়দানত  অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি দলটোৰ নেত্ৰী তথা কন্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে স্বকীয় ভংগীমাৰ গীতৰ মূৰ্ছনাৰে পৰিবেষ মুখৰ কৰি তোলে। প্ৰায় দহ হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত আজিৰ জাতীয় ঐক্য সমাৰোহত বিধায়ক  গুনীন্দ্ৰ দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু গোহাই প্ৰাক্তন  বিধায়ক ড: মনোৰঞ্জন দাস ,যুৱ নেতা জাভেদ ইছলামকে ধৰি বহু সংখ্যক নেতা-কৰ্মী অংশগ্ৰহণ কৰে। আজি অনুষ্ঠিত সমাৰোহৰ আৰম্ভনিতে বিশাল বাইক ৰেলীৰে মানিকপুৰৰ পৰা নেতাসকলক আদৰি আনে সভাথলীলৈ।

No comments