Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধৰ্মপুৰৰ দুই কংগ্ৰেছী পঞ্চায়ত সভাপতি বিজেপিলৈ; মন্ত্ৰী চন্দ্ৰমোহনৰ উপস্থিতিত যোগদান

গণবাৰ্তা , চামতা , ৩১ জানুৱাৰী : নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ধৰ্মপুৰৰ কংগ্ৰেছ শিবিৰত মোক্ষম আঘাট হানি দুই কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে যোগদান কৰিলে...


গণবাৰ্তা , চামতা , ৩১ জানুৱাৰী : নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ধৰ্মপুৰৰ কংগ্ৰেছ শিবিৰত মোক্ষম আঘাট হানি দুই কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে যোগদান কৰিলে বিজেপিত ৷  কংগ্ৰেছৰ এই দুৰ্যোগৰ সময়ত কংগ্ৰেছৰ প্ৰতীকেৰে বিজয়ী দুই পঞ্চায়ত সভাপতিৰ বিজেপি গমন ৷ অসমৰ উদ্যোগ বানিজ্য আৰু পৰিবহনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিনিধিত্ব কৰি থকা ধৰ্মপুৰ সমষ্টিত দুই কংগ্ৰেছী পঞ্চায়ত সভাপতিয়ে আজি আনুষ্ঠানিক ভাৱে যোগদান কৰে  বিজেপিত ৷ ২০ নং পূৱ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি নৃপেন ঠাকুৰীয়া আৰু ৩৯ নং পুৱ নতুন দেহৰ পঞ্চায়তৰ  সভাপতি সুনীল বৰ্মনে  পিন্ধিলে গেৰুৱা বসন ৷ বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোৰ ২১ খন গাও পঞ্চায়তৰ ১৭ গৰাকীকৈ সভাপতি বিজেপি দলৰ পৰা বিজয়ী হোৱাৰ বিপৰীতে তিনিগৰাকী কংগ্ৰেছৰ আৰু এগৰাকী নিৰ্দলীয় হিচাপে জয়লাভ কৰিছিল ৷ আজিৰ এই দুই সভাপতিৰ যোগদানৰ পিছত বিজেপিৰ দখললৈ আহিল ১৯ খন পঞ্চায়ত ইয়াৰ বিপৰীতে কংগ্ৰেছৰ হাতত থাকিল মাত্ৰ এখন পঞ্চায়ত ৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত এই দুই সভাপতিৰ লগতে বহুকেইগৰাকী সদস্য আৰু ৰূপীয়াবাথান গাও পঞ্চায়তৰ প্ৰাক্তন কংগ্ৰেছী সভাপতি ৰাজু ডেকায়ো যোগদান কৰে ৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মাৰ পৌৰহিত্বত আৰু মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মনে সভাৰ উদ্যেশ্য ব্যাখ্যা কৰা আজিৰ এই দলীয় সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ , নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা , ধৰ্মপুৰ সমষ্টি বিজেপিৰ প্ৰভাৰী প্ৰান কুমাৰ দাস , প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰন সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা , জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা  নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা আদি ৷ সদ্য দলত্যাগী দুই পঞ্চায়ত সভাপতিৰ লগতে যোগদান কৰাসকলে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালত ধৰ্মপুৰ সমষ্টিৰ যথেষ্ট উন্নয়ন হোৱা বুলি প্ৰকাশ কৰে ৷ ধৰ্মপুৰৰ বহুবল্কী প্ৰাক্তন কংগ্ৰেছী বিধায়ক নীলমনি সেন ডেকাই ধৰ্মপুৰত কংগ্ৰেছৰ ভেটি মজবুত হোৱা বুলি দম্ভালি মাৰি থকা সময়তে প্ৰতিদিনে অব্যহত আছে খহনীয়া ৷আনকি সংখ্যালঘূ লোকসকলেও প্ৰতিদিনে যোগদান কৰি আছে বিজেপিত ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি দল যিমান তৎপৰ হৈ পৰিছে তাৰ তুলনাত প্ৰাক্তন কংগ্ৰেছী বিধায়ক নীলমনি সেন ডেকাই যেন পুৰ্বৰ কু কীৰ্তিৰ ক্ষোভৰ প্ৰশমনেই ঘটাব পৰা নাই ৷ এক কথাত দলৰ এই সংকটৰ সময়ত যেন শুই শুই পাৰ কৰিছে নীলমনিয়ে ৷ 

No comments